দৰঙৰ খাৰুপেটীয়াৰ বিহুদিয়া গাও পঞ্চায়তৰ সচেতন নাগৰিক মঞ্চৰ উদ্যোগত দৰিদ্ৰ ৰাইজৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ

0
তৰংগ বাৰ্তা প্রতিনিধি, দৰং : গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ বিপৰীতে খাৰুপেটীয়াৰ এটা অৰাজনৈতিক সংগঠনে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে উদযাপন কৰে ৭০ তম গণৰাজ্য দিৱস উপলক্ষে।
বিহুদিয়া গাও পঞ্চায়ত সচেতন নাগৰিক মঞ্চ নামৰ অৰাজনৈতিক সংগঠনটোৱে দৰিদ্ৰ সকলক শীতৰ পৰা কিছু পৰিমানে সকাহ দিয়াৰ বাবে দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী বিহুদিয়া গাঁৱৰ দৰিদ্ৰ ৰাইজ ও মহিলা সকলৰ বাবে শীতকালীন বস্ত্ৰ বিতৰণৰ এক কাৰ্যসূচী হাতত লয়।
এই উপলক্ষে বিহুদিয়া নিউ ইন্ডিয়া ক্লাব এন্ড লাইব্ৰেৰীত কাৰ্যসূচী মতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত দহ বজাত দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ প্ৰাক্তন সভাপতি মইনুদ্দিন আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত কৰা হয় এখন সভা।
সভাখনৰ উদ্দেশ্য বাখ্যা কৰে “বিহুদিয়া গাও পঞ্চায়ত সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ছৰিফুদ্দিন আহমেদে। সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ পৰা সদ্য পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হোৱা জিলা পৰিষদৰ সদস্য, প্ৰাক্তন শিক্ষক, খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সভাপতি শ্ৰবণ ঝা, খাৰুপেটীয়া সেনা চাউনীৰ মেজৰ মেহেৰবান সিং, খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামী, বিহুদিয়া গাও পঞ্চায়তৰ নব নিৰ্বাচিত সভাপতি আজগৰ আলি, সচিব ছমিৰ উদ্দিন আহমেদ, আঞ্চলিক পঞ্চায়তৰ সদস্যা মেহেৰুন নেচা, প্ৰাক্তন সভাপতি ৰুস্তম আলি, বিহুদিয়া গাও পঞ্চায়ত সচেতন নাগৰিক মঞ্চৰ সভাপতি জেহেৰুল ইছলাম, কাৰ্যকৰী সভাপতি আব্দুল হাকিম, সহকাৰী সম্পাদক আহেদ আলিকে ধৰি পঞ্চায়তখনৰ বহু গনমান্য ব্যক্তিৰ উপস্থিতিত ৭২০ গৰাকী দৰিদ্ৰ পুৰুষ মহিলাৰ মাজত বিতৰন কৰা হয় শীতকালীন কম্বল।
উল্লেখযোগ্য যে কোনো ৰাজনৈতিক দল বা নেতাৰ সহায় সাহাৰ্য্য অবিহনে একমাত্ৰ বিহুদিয়া গাও পঞ্চায়ত সচেতন নাগৰিক মঞ্চৰ নিজা প্ৰচেষ্টাত ৭০ তম স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত শীতকালীন বস্ত্ৰ সমূহ পঞ্চায়ত খনৰ ১০ টা বাৰ্ডৰ মুঠ ৭২০ গৰাকী দৰিদ্ৰ পুৰুষ মহিলাৰ মাজত বিতৰণ কৰে বিহুদিয়া গাও পঞ্চায়ত সচেতন নাগৰিক মঞ্চৰ বিষয়ববীয়া সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here