ধৰ্মীয় মেৰুকৰণেৰে চৰকাৰে সমস্যা ঢাকি ৰাখিছে: শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ

সমাগত বিধানসভাৰ অধিবেশনৰ পূৰ্বে প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত ঘোষণাৰ দাবী

0

বুলবুল হুছেইন, বৰপেটা: “ধৰ্মীয় মেৰুকৰণেৰে চৰকাৰে বিভিন্ন সমস্যা ঢাকি ৰাখিব বিচাৰিছে৷” এই মন্তব্য অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ছাবেদ ভূঞাৰ। ১২ নবেম্বৰত বৰপেটা চহৰস্থিত জিলা প্ৰতিবন্ধী সন্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

তেওঁ কয় যে, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ সমস্যাতো এক জ্বলন্ত সমস্যা হিচাপে বিবেচিত হৈ আহিছে, যাৰবাবে বিগত বিধানসভাৰ নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখনে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চৰকাৰখনে শাসনত অধিষ্ঠিত হোৱাৰ তিনি বছৰ ছয় মাহ অতিক্ৰম কৰিলে যদিও শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ নিচিনা জ্বলন্ত সমস্যা সমাধানত চৰকাৰখন চূড়ান্ত ভাবে ব্যৰ্থ হৈছে।

চৰকাৰখনে নিজৰ এনে ব্যৰ্থতা ঢকাৰ বাবে এতিয়া ধৰ্মীয় মেৰুকৰণৰ আশ্ৰয় লোৱা বুলিও ঐক্যমঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰে। প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা ৰাজ্য চৰকাৰখনে সমাগত অসম বিধানসভাৰ অধিবেশনৰ পূৰ্বে প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত ঘোষণা নকৰিলে বিধানসভাৰ অধিবেশনৰ সময়ত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব পুনৰবাৰ চৰকাৰ বিৰোধী বুলি চৰকাৰক সকীয়াই দিয়ে ঐক্যমঞ্চৰ নেতা গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here