নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, ৰাজ্যসভাত উত্থাপন নহল বিলখন

0
ছবি : সংগৃহিত
তৰংগ বাৰ্তা, ডিজিটাল ডেস্ক : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লৈ ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এফালে শাসক গোষ্ঠীয়ে গৃহীত কৰিব বিচাৰিছে বিলখন আনফালে জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বিভিন্ন দল সংগঠনে বিলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা দেখা গৈছে।
বিজেপিয়ে আজি ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছিল প্ৰচুৰ কিন্তু শেষ মুহূৰ্তত হুলস্থূলীয়া পৰিৱেশৰ বাবে প্ৰথমে ২ বজালৈক সদনৰ কাম-কাজ স্থগিত কৰাত বিধেয়কখন উত্থাপন কৰাত বাধাৰ সন্মুখীন হয় শাষক গোষ্ঠীয়ে।
বিধেয়খনৰ সপক্ষে বিজেপি, আকালী দল, বিপিএফ আদি দল থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছ, এআইডিএমকে, বিজেডি, টি আৰ এছ, এন অ এম, ৱাই এছ আৰ চি পি, এছ ডি এপ, আৰ পি আই আদি দলৰ স্থিতি স্পষ্ট নহয়।
বৰ্তমান ৰাজ্যসভাত ২৪৪জন সাংসদ আছে। এই বিধেয়কখন গৃহীত কৰিবলৈ ১২৩জন সাংসদৰ সমৰ্থন লাগিব বিজেপিক। ইউ পি আইৰ ৬৬জন সাংসদে এই বিধেয়কখন বিৰোধিতা কৰাৰ বিপৰীতে এন ডি এৰ ৮৯জন সাংসদে এই বিধেয়ক সমৰ্থন কৰিছে।

তেনেস্থলত স্থিতি স্পষ্ট নকৰা ৫৫ জন সাংসদৰ ভূমিকাই এই বিধেয়কখন গৃহীত কৰা-নকৰাকলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিধেয়কখনৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰা সাংসদৰ বৰ্তমানৰ সংখ্যা ১১১জন। ইয়াৰে ৫০ কংগ্ৰেছৰ, ৬জন জে ডি ইউৰ, ৬ জন টিডিপি, ৫ জন চিবিআইএম, ৪জন জি এম কে, ৩ জন শিৱসেনা, ২ দুজন চিপিআই, ৪জন বি এছ পি, ১৩জন বহুজন সমাজ পাৰ্টীৰ সাংসদ আছে।
১২ ফেব্ৰুৱাৰীত এই বিধেয়ক উত্থাপন নকৰিলেও ৰাজ্যসভাৰ কাম-কাজ ৩দিনৰ বাবে বৃদ্ধি কৰিব পাৰে বুলি ইংগিত দিলে বিজয় গোৱেলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত ৰাজ্যসভাৰ কাম-কাজ ২-৩ দিন পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিঅন, অসম জাতিয়তাবাদী যুৱ পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদকে আদি কৰি বিভিন্ন দল-সংগঠনে বিলৰ বিৰুদ্ধে আন্দোলন কৰিছে যদিও সেয়া কিমানখিনি সফল হৈছে সেয়া বিলখন গৃহীত হোৱা আৰু নোহোৱাৰ ওপৰত নিৰ্ভৰ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here