ভেৰালদিত ৰাতিপুৱাতেই চুৰি কৰিবলৈ ধৰা পৰিল চুৰে

0
ছবি : নিজস্ব
বুলবুল হুছেইন,তৰঙ্গ বার্তা, গৰেমাৰী : বৰপেটা সদৰ থানাৰ অন্তৰ্গত ভেৰালদি গাঁৱৰ মুন্নাফ আলীৰ বাসগৃহতে ৰাতিপূৱাতেই চুৰি কৰি থকা অৱস্থাতেই হাতে লোটে ধৰা পৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাৰ বিবৰণীত প্ৰকাশ যে ১২ ফেব্ৰুৱাৰীত ভেৰালদি গাঁৱৰ মুন্নাফ আলী বেমাৰী তথা শাৰিৰীক অসুস্থ থকাৰ বাবেই ৰাতিপূৱাতো শুই আছিল। সেই সময়ত ৰাতিপূৱা প্ৰায় ৮ বজাত মুন্নাফ আলীৰ পৰিয়ালৰ আন সদস্য ঘৰত নথকাৰ সুযোগ গ্ৰহন কৰি চুৰ আমিনুল ইছলাম উক্ত ঘৰত প্ৰবেশ কৰি চুকেচ আৰু তলা ভাঙে।
তলা ভাঙি থকাৰ শব্দ পাই মুন্নাফ আলীয়ে চিঞৰ বাখৰ কৰে আৰু এনে অৱস্থাত চাৰিও ফালৰ পৰা মানুহ আগবাঢ়ি আহি উপস্থিত হোৱাত চুৰ আমিনুল ইছলাম ওৰফে পুতুক হাতে লোটে ধৰিবলৈ সক্ষম হয়।
পিছত ভেৰালদি গাওঁৰক্ষী বাহিনীৰ কৰ্মী সকলে খবৰ পাই চুৰজনক বৰপেটা সদৰ থানাৰ আৰক্ষীক চমজাই দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here