বর্তমান বাংলাদেশ জামাত-শিবিৰৰ কর্মীসকলক কিয় যুদ্ধ অপৰাধী বুলি চিনাক্ত কৰা হয়

0
ছবি : সংগৃহিত
তৰংগ বাৰ্তা, ডিজিটাল ডেস্ক : বর্তমান প্রজন্মৰ জামাত-শিবিৰৰ নেতাকর্মীসকলক ‘প্রগতিশীল দলত অংশ লৈ দেশৰ বাবে কাম কৰাৰ’ বাবে পৰামর্শ প্ৰদান কৰিছে আওয়ামী লীগৰ যুগ্ম সাধাৰণ সম্পাদক মাহবুব উল আলম হানিফে।
তেখেত কয় যে, জামাতৰ নেতা-কৰ্মী সকলে ‘যুদ্ধ অপৰাধী দল ত্যাগ কৰাটো সময়ৰ দাবী।’
যোৱা কালি চট্টগ্রামৰ মুছলিম ইনষ্টিটিউটত আয়োজিত এখন আৰম্ভপূৰ্ণ সমাবেশত এই ধৰণৰ মন্তব্য কৰিলে আওয়ামী লীগৰ নেতা মাহবুব উল আলম হানিফে।
হানিফে কয় যে, ‘যিসকলে এতিয়াও ছাত্র শিবিৰ অথবা জামাতৰ সৈতে যুক্ত আছে, যিসকলে বয়স ৫০ বছৰৰ তলত, স্বাধীনতা আন্দোলনৰ সময়ত যাৰ বয়স আছিলে হয়তো ৩/৪ বছৰ, যিসকলৰ সেই সময়ত জন্মই হোৱা নাই, সেই সকলে কিয় এই যুদ্ধ অপৰাধীৰ অপৰাধ মূৰ পাতি লব?
আওয়ামী লীগৰ নেতাজনে আৰু কয় যে, আমি অনুৰোধ জনাও জামাত-শিবিৰে এই যুদ্ধ অপৰাধীৰ দল ত্যাগ কৰি প্রগতিশীল ৰাজনৈতিক দলত যোগ দি দেশৰ কল্যাণৰ বাবে কাম কৰক। সেই কল্যাণমুখী কাম জনগণে দেখিব বিচাৰে।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here