মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ১০ টা প্ৰশ্ন

0

~ছফিকুল ইছলাম             

মন্ত্ৰী মহোদয়, যোৱা ৯ জানুৱাৰীত News Live ত দিয়া সাক্ষাৎকাৰটো চালো। পিছৰ দিনাও ৰিপিট আকৌ চালো। সাক্ষাৎকাৰটোত কিয় নাগৰিকত্ব বিধেয়ক আনিব খুজিছে, ১৭ টা বিধান সভাৰ আসন অসমীয়াৰ বাবে আজীৱন কেনেকৈ সংৰক্ষিত কৰিলে, ছয় গোষ্ঠীক SC ৰ মৰ্যাদা কিয় দিব ওলাইছে, হিন্দু বাংলাদেশী কিয় আনিব লগা হৈছে, বংগমূলীয় মুছলমানে সত্ৰ, কাজিৰঙাত কিধৰণে আগ্ৰাসন চলাইছে, কংগ্ৰেছত থাকোতে ৫৫ জন বিধায়ক লগত থকা সত্বেও মুখ্যমন্ত্ৰী হব নোৱাৰাৰ আফছোছ, কোনো জোতিষীয়ে আপোনাক মুখ্যমন্ত্ৰী হব বুলি নোকোৱাৰ দূখ প্ৰকাশ, কপালত মুখ্যমন্ত্ৰী লিখা নাই বুলি আবেগ কৰা ইত্যাদি কথাবোৰ শুনিলো।

আপোনাৰ সাক্ষাৎকাৰটোৰ পৰা দুটা কথা স্পষ্ট হৈছে — এটা হৈছে আপুনি বংগমূলীয় মুছলমানৰ পৰা আগ্ৰাসন ৰোধ কৰাৰ বাবেই সকলো কৰি আছে আৰু ইমান খিনি কৰাৰ পিছতো আপোনাক আজি লৈ কিয় মুখ্যমন্ত্ৰী পতা নাই তাৰ বাবে দূখ,আবেগ প্ৰকাশ কৰিছে। সেয়ে আপোনাৰ পৰা আমাৰো কিছু জানিবলগীয়া আছে। আশা কৰো প্ৰশ্ন কেইটাৰ উত্তৰ দিব-

১. আপোনাৰ পত্নীৰ চেনেলটোত বহি অসমীয়া ৰাইজক বুজাবলৈ যিবোৰ ছাফাই গালে প্ৰতিদিন টাইমত বহি নিতুমনি শইকীয়াৰ সৈতে সেই ছাফাইৰ বাবে আৰু এটা সাক্ষাৎকাৰ দিবনে? তেতিয়া আপোনাৰ দৰ্শনটো আৰু অধিকভাৱে অসমীয়া ৰাইজে বুজি পাব।

২. আপুনি বাৰে বাৰে কৈছে ১৭ টা আসন অসমীয়াৰ বাবে সংৰক্ষণ হল –প্ৰশ্ন হৈছে ইমানদিনে সেই সমষ্টিবোৰত বাংলাদেশী লোকে বিধায়ক হৈ আহিছিল নেকি ? সৰভোগ সমষ্টিৰ পৰা বিধায়ক হোৱা আপোনাৰ দলৰ সভাপতি ৰণ্জিত দাস, চিপিএমৰ হেমেন দাস, উদ্ধৱ বৰ্মন বাংলাদেশী নেকি ?

৩. নাগৰিকত্ব বিল অনাৰ আৰম্ভণিতে কৈছিল যে বাংলাদেশ, পাকিস্তান, আফগানিস্তানত হিন্দু সকল নিৰ্যাতিত হৈছে, সেয়ে তেওলোকক সেই নিৰ্যাতনৰ পৰা সকাহ দিয়াৰ বাবে মানৱীয় দৃষ্টিৰে এই বিল আনি ভাৰতত নাগৰিকত্ব দিবলৈ ওলাইছে। এতিয়া আকৌ সেই কথা সলনি কৰি কৈছে যে কোনে কৈছে বিদেশৰ পৰা হিন্দু মানুহ আনিব? লাখ লাখ বাংলাদেশী হিন্দু মানুহ আনিব বুলি কোৱাৰ বাবে অখিল গগৈকো তীব্ৰ সমালোচনা কৰিছে। এজনো হিন্দু মানুহ নানিব বুলি কৈ অসমত থকা হিন্দু বাংলাদেশীসকলক হে নাগৰিকত্ব দিয়াৰ কথা কৈছে। NRC ৰ জড়িয়তে চিনাক্ত হোৱা হিন্দু বাংলাদেশী সকলক হে ১৭টা বিধানসভা সমষ্টিত নাগৰিকত্ব দি সমষ্টিকেইটা অসমীয়াৰ বাবে আজীৱন সংৰক্ষণৰ ব্যৱস্থা কৰা বুলি কৈছে।
আপোনাৰ এই কথাবোৰ দুমুখীয়া নহয়নে? আগত কি কৈছিল আৰু এতিয়া কি কৈছে ?

4. আপুনি কৈছে যে জিন্নাপন্থী সকলক চিনাক্ত কৰিবলৈহে এন আৰ চি কৰা হৈছিল। আপোনালোকৰ উদ্দেশ্য যদি এইটোৱেই আছিল তেন্তে উজনি অসমৰ খিলঞ্জীয়া লোকসকলক এন আৰ চিৰ আবেদন কৰিব দি কিয় তেওলোকক অনাহকতে হাৰাশাস্তি কৰিলে? জিন্নাপন্থী বুলি আখ্যা দিয়া আপোনাৰ সেই ১১ খন জিলাতেই এন আৰ চি কৰিবলৈ দিব লাগিছিল। সমগ্ৰ অসমজুৰি কিয় এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ?

5. আপুনি কৈছে যে মানকাচৰ, বাঘবৰত কোনো অসমীয়া মানুহে জয়ী হব পাৰিবনে? কিন্তু আমি আপোনাক আমন্ত্ৰণ জনাও আপুনি আজিও যদি সাম্প্ৰদায়িকতা এৰি নিজৰ ভুলৰ ৰাজহুৱা ক্ষমা খুজি বাঘবৰ, মানকাচৰৰ পৰা বিজেপি বাদে আন যিকোনো দলৰ পৰাই নিৰ্বাচনত থিয় হয় তেন্তে আপোনাকো জয়ী কৰাব। আপুনি সাম্প্ৰদায়িকতা এৰিব পাৰিবনে ?
6. আপুনি নিজেই কয় আপুনি এজন আদাৰ বেপাৰী। সেয়ে আদাৰ বেপাৰী এজনক অসমৰ ৰাইজে কেনেকৈ মুখ্যমন্ত্ৰী পাতে? মন্ত্ৰী পতাটোৱেতো মহা ভুল হৈছে। মুখ্যমন্ত্ৰী হব নোৱাৰি আফছোছ কেৱল কৰিলেই হব নেকি ?

7. কংগ্ৰেছত থকা সময়ত কৈছিল বিজেপি এটা সাম্প্ৰদায়িক দল। বিজেপি আহিলে Communal Force আহিব। আজি আপুনি সেইদলতে যোগদান কৰি সাম্প্ৰদায়িকতাৰ বীজ বিয়পাই ফুৰিছে। কথাটো সচা নহয়নে ?

8. আপুনি এন আৰ চি ৰ খচৰা প্ৰকাৰৰ পিছত কৈছিল যে যি উদ্দেশ্যত এন আৰ চি কৰা হৈছিল সেই উদ্দেশ্যে পূৰণ হোৱা নাই। বৰপেটা, ধুবুৰী আদি জিলাত ৮০-৯০ শতাংশ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। সেয়ে এতিয়া আমি অধিকভাৱে আপত্তি দাখিল কৰিব লাগিব। গতিকে আপোনাৰ পৰা জানিব বিচাৰো দাবী আপত্তিৰ অন্তিম দিনা অৰ্থাৎ ৩১ ডিচেম্বৰৰ নিশা লাখ লাখ আপত্তি দাখিল আপোনাৰ নিৰ্দেশত হৈছে নেকি? আপত্তি দাখিলৰ বাবে চৰকাৰী ভাৱে কিবা গোপন নিৰ্দেশ দিছিল নেকি?

9.আজি আপুনি কৈ আছে যে অসমীয়াৰ স্বাৰ্থত কৰা কামখিনি অসমীয়া ৰাইজে বুজি পোৱা নাই, আছুৱে আবেগত চলি আছে, মিত্ৰতা ভংগ কৰি অগপই ভুল কৰিলে। হীৰেন গোহাঁই ছাৰৰ নিচিনা বৰণ্য ব্যক্তিকো আপুনি সমালোচনা কৰিছে।
ঠিক আছে ধৰি ললো আপুনিয়ে সকলো বুজি পায়। অসমীয়াৰ বাবেই সকলো কৰি আছে। কিন্তু কংগ্ৰেছত থাকোতে কৰা কামক এতিয়া যেনেদৰে ভুল বুলি কৈছে, ঠিক তেনেদৰে আগন্তুক দিনত আজিৰ কথা কৰ্মবোৰ যে ভুল বুলি নকব তাৰ কি গ্যাৰাণ্টি আছে? বিজেপি দলৰ অৱস্থা বেয়া হলে আন দললৈ যে গতি নকৰিব তাৰ কিবা নিয়শ্চয়তা আছে নে? এটা সময়ত তৰুণ গগৈৰ Good Boy হিচাপে থাকি নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। কিন্তু আজি সেই গগৈয়কে এক নম্বৰ শত্ৰু হিচাবে আখ্যা দি নৰেন্দ্ৰ মোডী আপোনাৰ এক নম্বৰ আদৰ্শ ব্যক্তি হৈ পৰিছে। অনাগত দিনত যে আকৌ আপুনি এই মোডীকে এক নম্বৰ শত্ৰু নবনাব তাৰ কি গ্যাৰাণ্টি আছে ?

১০. বহুতে কৈ আছে আপুনি ক্ষমতাৰ বাবে সকলো কৰিব পাৰে। আপোনাৰ কোনো নীতি আদৰ্শ নাই। কথাবোৰ মিছা নেকি ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here