দৰঙৰ বেছিমাৰীত দূৰ্ঘটনাত আহত ছাত্ৰৰ মৃত্যু

0
ছবি : নিজস্ব
নিজস্ব সংবাদদাতা, তৰংগ বাৰ্তা, দৰং : দৰঙৰ বেছিমাৰীত পথ দুৰ্ঘটনাত আহত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ এজনৰ আজি মৃত্যু হোৱাত শোকস্তব্ধ কৰি তুলিছে বেছিমাৰী বাসীক।
প্ৰাপ্ত বাতৰি মতে বাহাৰুল ইছলাম নামৰ উদীয়মান যুৱক তথা দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে যোৱা ২৬ ফেব্ৰুৱাৰীত পৰীক্ষা দি আহি আবেলি ঘৰৰ পৰা বাইকেৰে বেছিমাৰী অভিমূখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছ এটাত প্ৰচন্ড খুন্দা মৰাৰ ফলত গুৰতৰ ভাবে আহত হয় ছাত্ৰজন।
ছাত্ৰজনক ততাতৈয়াকৈ চিকিৎসায়লৈ প্ৰেৰণ কৰা হয় যদিও গুৱাহাটী চিকিৎসালয়তেই ছাত্ৰজনৰ মৃত্যু হয়।
ইফালে ছাত্ৰজনৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজ, ছাত্ৰ -ছাত্রী সকল শোকস্তব্ধ হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here