পাঁচ ৰাজ্যৰ নিৰ্বাচন আৰু কিছু সমসাময়িক পৰ্যালোচনা

0
ছবি : সংগৃহিত
জহিৰুল ইছলাম
ভাৰতবৰ্ষৰ ৰাজনীতিত প্ৰশ্ন হৈছে পাঁচ ৰাজ্যত মোডী নেতৃত্বাধীন বিজেপি দলৰ অভূতপূৰ্ব অৱনতি। কিন্তু কিয় আজি এই প্ৰশ্ন কৰিছে সেই সকল? কংগ্ৰেছ দল যদি ইমানেই ভাল (?) তেন্তে কিয় হাজাৰটা দলৰ সৃষ্টি হৈছে? কাৰ অপশাসনৰ ফলত সৃষ্টি হৈছে দল সমূহ বিগত সময়ছোৱাত? কোনটো দলৰ অৰাজকতাৰ ফল সেই সমূহ দল? কোনটো দলৰ কুমন্ত্ৰণাই সেই দলবোৰৰ জন্ম? কিয় বা জন্ম দিছিলে সেই সকলে? আজি যদি কংগ্ৰেছ ইমানেই ভাল তেন্তে সেই দলবোৰৰ সৃষ্টি লোকবোৰৰ লগত প্ৰতিটো দলেই হয়তো বেয়া হ’ব লাগিব অন্যথা অনিয়ম, শ্বৈৰাচাৰিতা, অপশাসন, ক্ষমতাৰ খোক, সাম্প্ৰদায়িকতাৰ আৰৰ মুখা, ব্যবিচাৰ আদি শ শ গুণৰ অধিকাৰীও কংগ্ৰেছেই। আনহাতে যি সকলে আজি মি্ত্ৰ হৈছে তেওঁলোকে কিয় কংগ্ৰেছ এৰি দি নিজৰ নিজৰ দল খুলিব ল’গা হৈছিল? যদি কংগ্ৰেছ ইমানেই ভাল তেন্তে আপুনি কিয় ইমান দিনে ৰাইজক ঠগাই আহিছে? হয়তো মিত্ৰ দলসমূহে দেশ জনতাক ঠগাই আহিছে অন্যথা কংগ্ৰেছে? এই প্ৰশ্ন দেশৰ সহজ সৰল ভোটাৰ তথা জনতাৰ। আপুনি মোক নহ’লেও ৰাইজক উত্তৰ দিয়ক। এতিয়া আহিছোঁ বিজেপিলৈ – বিগত ৬৫ বছৰে কংগ্ৰেছে ভাৰত তথা ভাৰতীয়ক ৰাম ঠগোন দিছে কথাটো কোনেও নামানিলে মই মানো; কিন্তু আপোনালোকে ৰাইজক দেখুৱা সপোন কিয় পূৰণ কৰিব নোৱাৰিলে? আপোনালোকে যেনেদৰে হিন্দু-মুছলিমৰ ব্ৰাণ্ড লৈ নিৰ্বাচন খেলি থাকে ঠিক একেইদৰে কংগ্ৰেছেওঁ নিৰপেক্ষতাৰ ব্ৰাণ্ড লৈহে নিৰ্বাচন খেলি থাকে যদিও আপোনালোকে কৰা কামখিনিয়ে সিহঁতেও কৰে কেৱল আৰকাপোৰৰ তলেদি। কংগ্ৰেছ-বিজেপিৰ যে লক্ষ্য আৰু উদ্দেশ্য একেই সেই কথা মতিৱান সকলে কিন্তু বুজিবলৈ বাকী নাই। আপোনালোক সকল যে নিজৰ বাদে দেশ জনতাৰ হকে নহয় সেই কথা সাধাৰণ লোকে গমি চাব নোৱাৰিলেওঁ বুজতাই কিন্তু নুবুজাকৈ থকা নাই। বিজেপিয়ে উন্নয়ণ, বিজ্ঞান-প্ৰযুক্তি বাদ দি ধৰ্ম,দায়-সম্প্ৰদায়, গৰু-ছাগলী লৈ দেশ লুটিছে আৰু কংগ্ৰেছে উন্নয়ণৰ জয়ঢোল পিটাই দেশ লুটিছে। সৌ সিদিনা কাকতত প্ৰাকাশ হৈছিল যে- ইন্দিৰাগান্ধীৰ নামত বিদেশী বেংকত আজিও লাখ লাখ টকা গচ্ছিত কৰি ৰখা আছে। বিজেপিয়ে কৈছিল সেইবোৰ উভতাই আনি দেশৰ উন্নয়ণত খটুৱাম বুলি, কিন্তু ক’তা? ইয়াৰ সলনিচোন বিজয় মালিয়াকে ধৰি মাফিয়া সকলোক দেশৰ বাহিৰত পলাই যাবলৈহে দিয়া হ’ল; কিয়? যদিও ৰাইজে বিচাৰিছিল বিগত ৬৫ বছৰে লুণ্ঠন কৰা কংগ্ৰেছী সকলক নাকী লগাই আইনৰ আওঁতাত আনিব বুলি বিশ্বাস কৰিছিল আপোনালোককেই।

যোগী আদিত্য নাথ নামৰ এগৰাকী অমাৰ্জিত অৰ্ধশিক্ষিত লোকক যি দায়িত্বভাৰ দি উত্তৰ প্ৰদেশৰ মূখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিলে সেয়া উচিত হৈছে নেকি আপোনালোকেই ভাৱক। মুখৰ থুৰ দৰে দলিয়াই দিয়া কংগ্ৰেছক এচামে আকৌ আকোৱালি ল’ৱ বিচাৰিছে, কিন্তু কিয় জানেনে? হয়তো জানে অথবা নাজানিবও পাৰে। তাৰ মানে বিকল্প বিচাৰি পোৱা নাই মানুহে। যদি বিকল্প পায় তেন্তে ৬৫ বছৰীয়া কংগ্ৰেছক যেনেকৈ দলিয়াই দিছে ঠিক তাতেই থ’লেহেঁতেন।

অসমত কংগ্ৰেছৰ উত্থান বুলি ক’ব বিচাৰে উক্ত পাঁচ ৰাজ্যৰ জেৰ টানি। কিন্তু সেয়া নহয়; কংগ্ৰেছ অসমত আগতকৈ অৱনতিৰ দিশেই আছে। অসমৰ একাংশ লোকে যদি কংগ্ৰেছক অন্যান্য ৰাজ্যৰ দৰে দলিয়াই দিয়ে তেন্তে ইতিহাস হ’ব। যিদৰে বহুবছৰ পূৰ্বেই পশ্চিম বংগৰ লোকে দলিয়াই আঞ্চলিক শক্তিক শক্তিশালী কৰিছিল। কাৰণ সিহঁতৰ ঐতিহাসিক অসমীয়া জাতিক ফাঁলি দিয়াটো সচেতন লোকে মানি ল’ব পৰা নাই যদিও আপোনালোকৰ কিছুমানৰ লেকামবিহীন চিঞৰ বাখোৰে মানি লোৱাই আছে। পূৰ্ব (উজনি)অসমত আজিও কংগ্ৰেছৰ ঘৰ একপ্ৰকাৰ শূণ্যতেই লটকি আছে; কেৱল নৰবৰা (শিপাহীন) এটা নিৰক্ষৰ, ভোকাতুৰ, ডৰপক এদল লোক আৰু স্বাৰ্থবাদী একাংশক বাদ দি সকলোৱে ত্যাগ কৰিছে। বড়ো, ৰাভা, কাৰ্বি, তিঞা আদিৰে অসমীয়া জাতিক বাঁহ ফলাদি ফাঁলি অসমত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি দিয়া কংগ্ৰেছক কোনো সচেতন লোকেই আকোৱালী ল’ব নোৱাৰে যদিও বিজেপিৰ কিছুমানৰ বহুৱালীতাই আজি আকৌ জাতি ধ্বংসী কংগ্ৰেছক টানি ল’ৱ পাৰে কিজানি।

অসমত বৰ্তমান নাগৰিকত্ব বিলৰ টোপ লৈ ৰাজনীতি হ’ল যদিও একাংশই প্ৰতিবাদ অব্যাহত ৰখা বাবে কংগ্ৰেছক সমৰ্থন কৰিব বুলি ভাৱিছিল সেয়াও ন’কৰাৰ এটা কাৰণ হৈছে কংগ্ৰেছে নাগৰিকতা বিলৰ বিৰোধ নকৰে। ব্ৰহ্মপুত্ৰ ভেলীৰ খিনিয়ে বিৰোধ কৰিছে আৰু বৰাক ভেলীৰ খিনিয়ে সপক্ষে থিয় হৈ আছে। ইয়াৰ দ্বাৰা কি বুজি পোৱা যায়? আনকি ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাক্তন মূখ্য মন্ত্ৰী তৰুণ গগৈ নিজেই সংবাদমেল যোগে কৈয়ে থৈছে আমাৰ কংগ্ৰেছ মন্ত্ৰী সভাই ২০১২ চনতেই হিন্দু বাংলাদেশীৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰি থৈছোঁ। আনকি তেওঁ সংবাদ মাধ্যমৰ এটা প্ৰশ্নত কৈছিল ইহঁতে আচল হিন্দু আৰু আৰ এছ এছ নহয়; বৰং মইহে আচল হিন্দু আৰু আচল আৰ এছ এছ। গতিকে আপোনালোকে দিয়া প্ৰতিশ্ৰতিমতে দেশৰ উন্নয়ত পিঠি দিয়াটোই হৈছে কংগ্ৰেছৰ সাফল্যৰ মাফকাঠি অন্যথা অসমত এতিয়াও কংগ্ৰেছৰ বিপৰ্যয় অব্যাহত আছে আৰু থকাৰ সন্দেহ আছে; কাৰণ সকলো বুজোতাই বুজি পাইছে কংগ্ৰেছ বিজেপিতকৈ কোনো গুণেই ভাল হ’ব নোৱাৰে কেৱল ডিপলোমেচিৰ বাহিৰে। আজিলৈ অসমত কংগ্ৰেছৰ নেতৃত্বাধীন সময়ছোৱাত যিমান সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে সেয়া জানো কোনোবাই পাহৰিব পাৰিব? নিশ্চয় নোৱাৰিব। চাকৰি-বাকৰিতো প্ৰবঞ্চনা কৰা দলটোৱেই হৈছে কংগ্ৰেছ।

কংগ্ৰেছ নকৰা কাম এন আৰ চি, এই লৈ একে দিশে কংগ্ৰেছে যেনেদৰে ৰাজনীতি কৰিছে বিজেপিয়েও কৰি আছে বুলি বহুতেই দাবী কৰে যদিও বিজেপিয়ে এইটো কৰি নিজৰেই ক্ষতি কৰি আছে। কংগ্ৰেছৰ অপশাসন আৰু আৰৰ সাম্প্ৰদায়িকতাক জনতাই উফৰাই দি আপোনালোকৰ উন্নয়ণৰ প্ৰচাৰত মুগ্ধ হৈহে নিৰ্বাচন কৰিছিল। এইক্ষেত্ৰত এন আৰ চিও উন্নয়নৰ এটা দিশ। কিন্তু আপোনালোকে তাকে নকৰি কংগ্ৰেছৰ দৰেই সাম্প্ৰদায়িকতাক আশ্ৰয় দি উন্নয়ণক পিঠি দিয়াৰ লগতে অসমৰ এক জলন্ত সমস্যা এন আৰ চি’ৰ কামো পিছুৱাই ৰাখিলে। এন আৰ চি পিছুৱাই ৰাখি বিজেপিয়ে নিজেই পিছুৱাই আছে সেই কথা হয়তো বুজি পোৱা নাই। আজিও অসমীয়া ৰাইজে সাম্প্ৰদায়িকতাত বিশ্বাস নকৰে যিদৰে দেখা গৈছে সেয়া কেৱল কংগ্ৰেছৰ বিকল্প জেগা নথকাৰ বাবেই ৰাইজে বাধ্য হৈহে কৰিছে যে- তথাপিও যাতে কংগ্ৰেছে দখল কৰিব নোৱাৰে শাসনভাৰ। যদিহে এন আৰ চি কামফেৰা সুকলমে কৰি অসমীয়া জাতিটোক দিলেহেঁতেন (?) তেন্তে অসমত অসমীয়া মুছলিম সকলেও বিজেপিক ব্যাপক সহাঁৰি দি যে অমুছলিম ভাই সকলৰ লগত মিলি গৈ সিহঁতৰ দৰেই কংগ্ৰেছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সহযোগিতা কৰিলেহেঁতেন সেই কথা কিন্তু এশ শতাংশই সত্য। আৰু এই কথা প্ৰমাণ কৰে এইবেলি ৫ আৰু ৯ দিচেম্বৰত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচন আৰু ১২ নবেম্বৰত ঘোষিত ফলাফলেই। পাঁচ ৰাজ্যৰ লগত পূৰ্বৰ তুলনাত কংগ্ৰেছ অসমত কেৱল ভয়াতুৰ এটা নিৰ্দিষ্ট গোষ্ঠীৰ মাজতহে কিছু উত্থান হৈছে বাকী এলেকাত কিন্তু পূৰ্বৰ তুলনাত কমিয়েই আছে। আৰু এই ভয়ভাৱটো দূৰ হ’লহেতেন যদিহে ৰাজনীতিৰ মাৰপেচ নল’গাই অকপটে এন আৰ চি খন দিব পাৰিলেহেঁতেন। এতিয়াওঁ সময় আছে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সঠিক তথ্য প্ৰমাণৰ ভিত্তিত কোনো হেনস্থ নহোৱাকৈ এন আৰ চি দিয়ক চাব অসমৰ মুছলমানে কিন্তু বিজেপিক নিৰ্ভয়ে আকোৱালী ল’বই যদিও বাকী ৰাজ্যত কি হ’ব সেয়া পাছৰ কথা। ইয়াত এটা কথা উল্লেখ কৰিবই লাগিব যে- অসমৰ জনতাই যেতিয়াই এন আৰ চি পাবলৈ সক্ষম হ’ব তেতিয়াই অসমীয়া জাতিৰ বিভিন্ন জাতি গোষ্ঠীৰ মাজত সোমাই থকা সাম্প্ৰদায়িক মনোভাৱ দূৰ হৈ পৰিব আৰু সকলোৱে একত্ৰিত হৈ অসমখন আগুৱাই নিবলৈ আগবাঢ়িব। ভোটো একক ভাৱেই দিব সি যি দলেই নহক; হয়তো বিজেপিয়েই এই সমৰ্থন পাব পৰা সম্ভাৱনা অধিক থাকিব; কাৰণ তেতিয়া এজনে আনজনক নিজৰ ভাতৃৰ দৰে ভাৱি ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ সক্ষম হ’ব আৰু এই ঐক্যতাৰ আৰত যি দল থাকিব তাকেই অসমীয়া জাতিয়ে সমৰ্থন কৰিব । কাৰণ বড়ো, ৰাভা, কচাৰী, তিঞা, মিঞা আদিৰ সৃষ্টিৰে যে অসমীয়া জাতিত এক ভাঙোন আনি দিয়া হৈছে সেয়া আকৌ কিছু পৰিমাণে হ’লেও ঘুৰাই পাব জাতিটিয়ে।

লেখক : সম্পাদক, Fast News Assam

LEAVE A REPLY

Please enter your comment!
Please enter your name here