ছাবিনা ইয়াছমিনৰ মৃত্যুত ৰামপুৰ আঞ্চলিক জাতীয় বিদ্যালয়ত শোক সভা

0
ছবি : সংগৃহিত
নিজস্ব সংবাদদাতা,তৰঙ্গ বাৰ্তা, নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লচিমা গাঁৱৰ সদ্য প্ৰয়াত শিক্ষয়িত্ৰী ছাবিনা ইয়াচমিনৰ স্মৃতিত তেওঁ কৰ্মৰত শিক্ষানুষ্ঠান আঞ্চলিক জাতীয় বিদ্যালয়, ৰামপুৰত এক শোক সভা অনুষ্ঠিত হৈ যায়।
বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক বিজ্ঞান শিক্ষয়িত্ৰী মিছ ছাবিনা ইয়াচমিন (৩৮)ৰ ১৩ ফেব্ৰুৱাৰী বুধবাৰে আকস্মিকভাবে মৃত্যু হয়। হাঁহিমুখীয়া, নিৰ্জু, স্পষ্টবাদী আৰু সেৱা মনোভাৱৰ সৰবৰহী নাৰী ছাবিনা ইয়াচমিনৰ অকাল বিয়োগত ব্যথিত হৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰী গোলক নাথৰ সভাপতিত্বত আঞ্চলিক জুনিয়ৰ কলেজ, ৰামপুৰ তথা আঞ্চলিক জাতীয় বিদ্যালয়, ৰামপুৰৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীসকৰ উপস্থিতিত বৃহস্পতিবাৰে পুৱা ১০ বজাত বিদ্যালয় প্ৰাঙ্গণত উক্ত শোক সভা অনুষ্ঠিত হয়।
শোক সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্যবৃন্দ, শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ জীৱিত কালৰ কৰ্মৰাজিৰ বিষয়ে স্মৃতিপূৰ্ণ আলোকপাত কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ এলানি শোকপ্ৰস্তাৱ যোগে সমবেদনা জ্ঞাপন কৰে। লগতে মৃতকৰ আত্মাৰ সন্মানাৰ্থে তিনিদিনৰ বাবে (১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰী) বিদ্যালয়ৰ পতাকা অৰ্দ্ধ নমিত কৰে।
ৰামপুৰ-মুগদি গাঁওপঞ্চায়তৰ নবনিৰ্বাচিত সভাপতি তাইজুদ্দিন আহমেদৰ পত্নী এইগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰীৰ মৃত্যুত স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ছাত্ৰ সংগঠন, সাহিত্যানুষ্ঠান তথা অসংখ্য গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here