ৰাহুল-মায়া-মমতা-অখিলেশ, চাৰি মূর্তিৰ জোটত বিচ্ছিন্ন হোৱাৰ সম্ভাবনা বিজেপি : সমীক্ষা

0
তৰংগ বাৰ্তা, ডিজিটাল ডেস্ক: লোকসভা নির্বাচনৰ কেইটামান মাহ বাকী থকাৰ সময়তেই সমগ্ৰ দেশত সমীক্ষা চলোৱা আৰম্ভ কৰিছে সর্বভাৰতীয় সংবাদ মাধ্যম সমূহে। ১৯ খন ৰাজ্যেৰ ৯৭খন লোকসভা কেন্দ্রেত ১৩,১৭৯ জনৰ ওপৰত সমীক্ষা চলাই ইন্ডিয়া টুডে-কার্ভিৰ ‘মুড অফ দ্য নেশন’ এ যি তথ্য লাভ কৰিছে সেইসমূহ, পৰবৰ্তী সময়ত ভাৰতীয় ভোট বেংকৰ ৰাজনীতিৰ ক্ষেত্রত মিলি যোৱাৰ সম্ভাবনাই প্ৰবল বুলি আকাঙ্ক্ষা কৰিছে ৰাজনৈতিক বিশেষজ্ঞ সকলে।
ইন্ডিয়া টুডেৰ লগতে আন এটা সমীক্ষা প্রকাশ কৰা হৈছে সংবাদ সংস্থা এবিপিৰ ফালৰ পৰা। তেওঁলোকে দাবী কৰা মতে, যদি এতিয়াই ভোট হয় এনডিএ জোট ২৩৩খন আসন পাব পাৰিব। যাৰ অর্থ সংখ্যাগৰিষ্ঠতাৰ পৰবৰ্তে ৩৯খন আসন কম পাব লাগিব।
বিশ্লেষণ কৰিলে দেখা যায় যে, বিগত লোকসভা নিৰ্বাচনতকৈ ৯৯খন আসন কম। ইপিনে কংগ্রেছ নেতৃত্বাধীন ইউপিএ ১৬৭খন আসন পাব পাৰে। যিটো পূৰ্বৰ নিৰ্বাচনৰ তুলনাত বহু গুনেই বেছি কিন্তু চৰকাৰ গঠনৰ বাবে যথেষ্ট নহয়।
ইন্ডিয়া টুডে-কাৰভি ইনছাইট ‘মুড অফ দ্য নেশন’ৰ সমীক্ষাৰ ফলাফলৰ পৰাই একেই দৃশ্য দেখিবলৈ পোৱা গৈছে। এই সময়ত লোকসভা নির্বাচন অনুষ্ঠিত হলে ২৩৭খন আসন পাব পাৰিব এনডিএ। ইয়াৰ বিপৰীতে ইউপিএ পাব পাৰিব ১৬৭খন আসন।
বাকী আঞ্চলিক দল সমূহ অর্থাৎ তৃণমূল, সপা, বসপা, আপ সহ বাকী বিৰোধী দল সমূহে পাব পাৰে ১৪০ খন আসন।

পিডিপি, তৃণমূল, সমাজবাদী পার্টী আৰু বহুজন সমাজ পার্টী যদি ইউপিএ-ৰ সৈতে জোট বন্ধন গঠন কৰে তেন্তে, ইউপিএ-ৰ সম্ভাব্য আসনৰ সংখ্যা পাবগৈ ম্যেজিক ফিগাৰত অৰ্থাৎ ২৭২-অত। কিন্তু যদি কেবল এআইএডিএমকে আৰু ওয়াইএছআৰ কংগ্রেছ যদি এনডিএ-ৰ ফালে যায় তেন্তে তেওঁলোকৰ আসনৰ সংখ্যা পাবগৈ ২৭১-অত। যিটো ম্যেজিক ফিগাৰৰ পৰা কম বুলি বুজিব পৰা গৈ আছে।

কিন্তু বিশেষজ্ঞ সকলে কৈছে, কম আসন পালেও ইউপিএ-ৰ চৰকাৰ গঠনৰ সম্ভাবনা বেছি। কাৰণ, এইবাৰৰ পৰিস্থিতি দেখাৰ পিছত বিজেপি তথা এনডিএ-ৰ সৈতে সহজতে কোনো দলে জোট বন্ধনৰ প্ৰচেষ্টা নকৰিব। অন্যফালে ভেদাভেদ যিমানেই নাথাকক কিয়, সুবিধাজনক অবস্থা পালে মায়া, মমতা বা অখিলেশ; তেওঁলোকৰ কোনেও ইউপিএ-ৰ সৈতে মিত্ৰ জোটৰ ক্ষেত্ৰত কৃপনালী নকৰিব সেয়া নিশ্চিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here