অসমীয়া কবিতা : শ্রমিক

0

শ্ৰমিক

✍ লেখক- বিশ্ববন্ধু দেৱান

তেওঁলোকৰ বাবেই
আপুনি¸ মই¸ আমি আজি
সুখ-স্বাচ্ছন্দ্যৰে ভৰা
আৰামী আৰু বিলাসী জীৱন কটাইছোঁ
প্ৰচণ্ড ৰ’দ-বৰষুণ¸ শীত-তাপৰ মাজতো
সৰু ঘৰৰ পৰা আৰম্ভ কৰি
বৃহৎ বৃহৎ,পৰ্বতসম¸ গগনচুম্বী
আটকধুনীয়া অট্টালিকাবোৰ
সেইবোৰৰ ভিতৰত থকা সকলো সামগ্ৰী
ধুনীয়া ধুনীয়া গাড়ীবোৰ..
গাড়ীবোৰে গুণ গুণকৈ গান গাই গৈ থকা
প্ৰতিটো ৰাস্তা¸ ৰে’লপথ¸ আস্থান¸ বিমান-বন্দৰ..
আমাৰ গাৰ সুন্দৰ সুন্দৰ পোছাক
গাত¸ পোছাকত লগোৱা সুগন্ধি দ্ৰব্য
অভিজাত হোটেলত আপুনি খোৱা খাদ্য ইত্যাদি সকলো
তেওঁলোকেই বনাইছে
আপোনাৰ গাড়ীৰ চালকজনো তেওঁলোকৰ মাজৰেই এজন
অথচ তেওঁলোকৰ বেছিভাগৰেই নাই
এটি সাধাৰণ ঘৰ¸ এখন সৰু গাড়ীও
পিন্ধিব নোৱাৰে¸ খাব নোৱাৰে
তেওঁলোকেই বনোৱা পছন্দনীয়
কাপোৰ এযোৰ¸ আহাৰ এসাজ
নিজে বনোৱা ৰাস্তাৰে গৈ চাবলৈ নাপায় অৱকাশ
আমাৰ ঈশ্বৰ উপাসনাগৃহ
আমাৰ সন্তানসকলৰ শিক্ষা লাভৰ অনুষ্ঠান আদি
আনকি কিতাপো
কাৰ্যালয়¸ আদালত¸ বেংক¸ প্ৰধানমন্ত্ৰী ভৱন
ৰাষ্ট্ৰপতি ভৱন¸ ৰাষ্টসংঘ ভৱন¸ সকলো ভৱন
আমাৰ আনন্দ উৎসৱথলী¸ বিবাহ-থলী
আদি তেওঁলোকৰ কৰ্মঠ হাতেৰেই বনাইছে
অথচ তেওঁলোকে¸ তেওঁলোকৰ সন্তানসকলে সেইবোৰলৈ যোৱাৰ কথা ভাবিব নোৱাৰে
আপোনাৰ উদ্যোগ¸ চৰকাৰৰ উদ্যোগ আদিত
উত্তপ্ত¸ শ্বাসৰুদ্ধ পৰিৱেশত
তেওঁলোকৰ বজ্ৰ কঠিন হাতেৰে
নিষ্ঠাৰে কাম কৰি
আপোনাৰ¸ দেশৰ¸ পৃথিৱীৰ উন্নতি¸ প্ৰগতিৰ গতি
ত্বৰান্বিত কৰে
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন
অনুপম সৌন্দৰ্যৰ আধাৰ¸ আশ্চৰ্যসমূহো
তেওঁলোকৰ হাতেৰেই নিৰ্মিত হৈছে
তেওঁলোকে পৰিশ্ৰম কৰি উৎপন্ন কৰা
শস্যাদিৰে আমি প্ৰতিদিন¸ প্ৰতিসাজ খাওঁ..
তেওঁলোকৰ কৰ্মশক্তিৰ ওপৰতে
দেশৰ উন্নয়ন নিৰ্ভৰ কৰে..
অথচ তেওঁলোকৰ পৰিৱৰ্তনৰ কথা কোনেও চিন্তা নকৰে
এনেকৈ প্ৰতিনিয়ত তেওঁলোকে
আমাৰ বাবে¸ আমাৰ সপোন বাস্তৱ কৰাৰ বাবে
আমাৰ সুখৰ বাবে কাম কৰে
কিন্তু তেওঁলোকৰ সপোন সপোন হৈয়ে থাকে
সুখ হৈ পৰে মৰীচিকা…

জিলা- বৰপেটা
ভ্ৰাম্যভাষ: ৯১০১৭১৫৮৭১

LEAVE A REPLY

Please enter your comment!
Please enter your name here