বৰপেটাত ছেবাৰ মাণ্ডলিক কাৰ্যালয়ৰ শুভ উদ্বোধন

0
ছবি : নিজস্ব
দিদাৰ হুছেইন, তৰংগ বাৰ্তা, হাউলী : অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) বামুনীমৈদাম, গুৱাহাটীৰ কাৰ্যালয়ৰ ছেবা/ইএচটি/২০১৯/১৬ তাৰিখ ১/৯/১৯ নং জাননী মৰ্মে অসমৰ সকলো জিলা সদৰলৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয় সম্প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে।
প্ৰত্যেক জিলা সদৰত সকলো ছাত্ৰ-ছাত্ৰী,অভিভাৱক সকলৰ সুবিধাৰ বাবে সকলো জিলাৰ ছেবাৰ জিলা সমন্বয়ৰক্ষী বিষয়াক অসম মাধ্যমিক শিক্ষা পৰিষদৰ মাণ্ডলিক কাৰ্যালয়ৰ সম্পাদক হিচাপেও নিযুক্তি দিয়া হৈছে।

সম্পাদকৰ উপৰিও প্ৰতিখন জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক সকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ সকলো কাম-কাজ, শিক্ষাৰ্থী সকলৰ নাম পঞ্জীয়ন, এডমিট কাৰ্ড, মাৰ্কছিট, প্ৰমাণ পত্ৰ, বিদ্যালয় সমূহৰ শৈক্ষিক কাম-কাজ আদিৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদৰ মাণ্ডলিক কাৰ্যালয়ৰ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰিব।
ছেবাৰ সকলো কাম বৰ্তমান অনলাইন যোগে ইতিমধ্যে সম্পাদন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ বাবেও ছাত্ৰ-ছাত্ৰী সকলক এই মাণ্ডলিক কাৰ্যালয়ৰ পৰা সম্পূৰ্ণ ৰূপে ব্যৱস্থা কৰা হৈছে।
আনহাতে বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মণৰ সভাপতিত্বত জিলা খনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সাধন কুমাৰ সৰকাৰৰ উপস্থিতিত বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক মজিবুৰ ৰহমানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
শিক্ষাবিদ গোবিন্দ তালুকদাৰে আঁতধৰা অনুষ্ঠানটিত এগাছি বন্তি প্ৰজ্বলনৰে বিধায়ক গুনিন্দ্ৰ নাথ দাসে আজি শুভ উদ্বোধন কৰে।
মাণ্ডলিক কাৰ্যালয় চোৱা-চিতা কৰিবলৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক কাৰ্যালয়ৰ সভাপতি, সমগ্ৰ শিক্ষাৰ বৰপেটা জিলাৰ আঁচনি বিষয়া নিৰঞ্জন ওজাক সদস্য সচিব হিচাপে নিযুক্তি দিয়ে।
সদৌ শেষত উপস্থিত থকা সকলোলৈ কৃতজ্ঞতা আৰু শলাগ লয় অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ উপ সভাপতি তথা বৰপেটা টাউন হাইস্কুলৰ প্ৰধান শিক্ষক নজিবুল হ’কে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here