খাৰুপেটীয়া মহাবিদ্যালয়ৰ বিদ্যালয় সপ্তাহ উপলক্ষে বিভিন্ন জনগোষ্ঠীয় বৰ্ণাঢ্য সাংস্কৃতিক সমদল

0
ছবি : নিজস্ব
নিজস্ব সংবাদদাতা, তৰংগ বাৰ্তা, দৰং : আজিৰে পৰা আৰম্ভ হোৱা দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ বিদ্যালয় সপ্তাহ উপলক্ষে খাৰুপেটীয়া টাউনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন জনগোষ্ঠীৰ এক বৰ্ণাঢ্য সাংস্কৃতিক সমদল উলিয়ায় কলেজ কৰ্তৃপক্ষই।
উল্লেখ্য যে এই সাংস্কৃতিক সমদলৰ জৰিয়তে কলেজ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ সহযোগীতাত দেখুৱাই দিলে এতিয়াও জীয়াই আছে ভাতৃদ্ববোধ, একতা।
খাৰুপেটীয়াত আজি খাৰুপেটীয়া মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণৰ মাজেৰে সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে শংকৰ আজানৰ দেশত ঐক্যতা অটুট ৰখাৰ আহ্বান জনালে।

সাংস্কৃতিক সমাৰোহ সমদলত দেখা গল বিভিন্ন ধৰ্মীয় কলা সংস্কৃতিৰ আকৰ্ষণীয় দৃশ্য। সমাৰোহ সমদলত ফুটি উঠিছে বাল্যবিবাহ বিৰোধী দৃশ্যও।
খাৰুপেটীয়া টাউনৰ ৰাষ্ট্ৰীয় ঘাইপথত ওলিওৱা এই বৰ্ণাঢ্য সাংস্কৃতিক সমদলটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে খাৰুপেটীয়া টাউন বাসী, পদচাৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা যাত্ৰীবাহী বাছৰ যাত্ৰীকো।
উল্লেখ্য যে আজিৰ পৰা এসপ্তাহ চলিব খাৰুপেটীয়া মহাবিদ্যালয়ৰ এই বিদ্যালয় সপ্তাহ কাৰ্যসূচী।

 

খবরসহ আমাদের ওয়েবসাইটে প্রকাশিত সব লেখা ফেসবুকে পেতে এখানে ক্লিক করুন এবং নোটিফিকেশনের জন্য লাইক দিন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here