হে নাৰী হে ধৈৰ্যশীলা – আক্ৰাম হুছেইন শিকদাৰ

0
ছবি : প্রতিকী

হে নাৰী হে ধৈৰ্যশীলা

আক্ৰাম হুছেইন শিকদাৰ

হে নাৰী,
তুমি স্নেহময়ী বাবেই–
দহ মাহ দহ দিন অজানিতে লথিয়াওঁ
তোমাৰ নাতিশীতোষ্ণ উদৰৰ বেৰত
মাথোঁ এচেৰেঙা পোহৰৰ সন্ধানত
হে নাৰী,
তুমি প্ৰেমপৰায়ণ বাবেই–
বিৰহৰ জুয়ে পুৰা যৌৱনৰ দুপৰীয়া
মদিৰা-মাতাল কণ্ঠ হৈ
তোমাৰ বাবে লৈ আনো
ভণ্ড প্ৰেমিকৰ লাঞ্ছনাৰ উপহাৰ
হে নাৰী,
তুমি মহীয়সী বাবেই–
দ্ৰৌপদীৰ দৰে বস্ত্ৰ হৰণ কৰো তোমাৰ
বিজ্ঞাপনৰ পৰ্দাত,
পুতলাৰ দৰে নচুৱাও তোমাক
জনাকীৰ্ণ ৰাজআলিত
হে নাৰী,
তুমি অৰ্দ্ধ আকাশ বাবেই–
যুগ্ম জীৱনৰ পূৰ্বচৰ্তত
দু-চকীয়া কিম্বা চাৰি-চকীয়া বাহন বিচাৰি
লিপিবদ্ধ কৰো
মতগৰ্বী পুৰুষৰ নিৰ্লজ্জ দাবী
হে নাৰী,
তুমি সভ্যতাৰ মাতৃ বাবেই–
অসভ্য পুত্ৰ হৈ
বৃদ্ধাশ্ৰমৰ পুতিগন্ধময় কোঠাত
নিক্ষেপ কৰো তোমাক জীৱনৰ বিয়লি বেলা
হে নাৰী,
হে ধৈৰ্যশীলা ………..।

LEAVE A REPLY

Please enter your comment!
Please enter your name here