পৃথিবীৰ আটাইতকৈ অভদ্ৰ আৰু অহংকাৰী খেলুৱৈ হৈছে বিৰাট কোহলি : নাছিৰউদ্দিন শাহ

0
ছবি : সংগৃহিত

তৰংগ বাৰ্তা ডেস্ক : নাছিৰউদ্দিন শাহ স্পষ্টভাবে জনাই দিছে, কোহলি বিশ্বৰ আগশাৰী খৈলুৱৈ হব পাৰে কিন্তু আটাইতকৈ বেয়া ক্রিকেটাৰো। যোৱা (১৭ ডিচেম্বৰ’ত) সামাজিক যোগাযোগৰ মাধ্যম ফেছবুকৰ নিজ একাউন্টৰ পৰা নাছিৰউদ্দিন শাহে এটা পষ্টৰ মাধ্যমত ৰাজহুৱাকৈ জনায় যে, ক্রিকেটৰ জগতত তাৰ উজ্জ্বল উপস্থিতিৰ লগতেই আছে অহংকাৰী ৰূপ আৰু এই কথা কোৱাৰ বাবে মই দেশ পৰিত্যাগ নকৰো।’

বিৰাট কোহলি, ফিল্ডত পাৰফৰম্যেন্ছৰ ক্ষেত্ৰত যিমান আলোচনাত থাকে, আচৰণৰ ক্ষত্ৰতো সিমানেই সমালোচনাৰ মাজত থাকে। আকৰ্ষণীয় বেটংঙৰ মাধ্যমত  যেনেদৰে বিশ্বৰ অন্যতম তেনেদৰে, বেয়া আচৰণৰ দিশতো বিশ্বৰ অন্যান্য ক্ৰিকেটাৰৰ তুলনাত শীৰ্ষত।

অন্য দেশৰ ক্রিকেটাৰ সকলৰ সৈতে তেওঁৰ আচৰণ বৰ বেছি সন্তুষ্টজনক নহয়। এইবাৰ নিজৰ আচৰণৰ ফলত নিজ দেশতেই সমালোচনাৰ সন্মুখিন হল নাছিৰউদ্দিন শাহৰ ওচৰত।

পোষ্টৰ শেষৰ লাইনত প্ৰত্যক্ষভাৱে কোহলিকেই চিনাক্তকৰণ কৰে নাছিৰউদ্দিন শাহে। কিছুদিন পুৰ্বে, ফেচবুক লাইভ ভিডিঅৰ মাধ্যমত কোহলি এজন সমর্থকক কৈছিলে, দেশৰ ক্রিকেটক লৈ সমস্যা হলে দেশ এৰি গুচি যোৱা আৰু অন্য দেশক সমর্থন কৰা।

এই কথাৰ পৰিপ্ৰেক্ষিতত বহু সমালোচনাৰ সন্মুখিন হয় কোহলিয়ে। উল্লেখ্য যে, পূৰ্বেও একাধিকবাৰ প্রতিপক্ষক কটু কথা শুনাইছে কোহলিয়ে। কোহলিৰ সেই কথাবোৰ ষ্টাম্পৰ মাইকত স্পষ্ট ভাৱে শুনা গৈছে। দৰাচলতে এনে কাণ্ডৰ ফলতেই অবশেষত মন্তব্য কৰিবলৈ বাধ্য হল, বর্ষীয়ান অভিনেতা নাছিৰউদ্দিন শাহ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বেও কোহলি সংবাদ মাধ্যমৰ আগত কয় যে, ভ্ৰমণত তেওঁলোকে কোনো ধৰণৰ সীমালংঘন নকৰে । কিন্তু বেছি দিন সেই কথাত অটল থাকিব নোৱাৰিলে ভাৰতীয় অধিনায়ক নিজেই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here