সাংসদ নৱ কুমাৰ শৰণীয়াই পৃথক বড়োলেণ্ডৰ বিৰোধিতাত সংসদ ভৱনৰ সন্মুখত ধৰ্ণা

1
ছবি : নিজস্ব

তৰংগ বাৰ্তা ডেস্ক : জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে সম দৃষ্টিৰে চোৱা তথা বিটিএডি’ত অবড়ো সকলৰ সাৰ্বংগীন সুবিধা আৰু সুৰক্ষাক সু-নিশ্চিত কৰাৰ স্বাৰ্থত ৰাজনীতিলৈ অহা নৱ কুমাৰ শৰনীয়াই নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বৃহস্পতিবাৰে সাংসদ নৱ শৰণীয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰি নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত বৃহস্পতিবাৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। কালি সাংসদৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বেই সংসদ ভৱনৰ সন্মুখত থকা গান্ধী মূৰ্তিৰ সন্মুখত সাংসদজনে হাতত প্লেকাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ ৰূপায়ন কৰে।

উল্লেখ্য যে, কাৰ্যসূচী অন্তত বিশেষকৈ বি টি চি এলেকাত বসবাস কৰি থকা অবড়ো লোকসকল ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰি শেহতীয়াকৈ বি টি চিৰ পৰিসৰ আৰু ক্ষমতা বৃদ্ধি কৰি গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰি থকা বুলি ব্যক্ত কৰে। কেন্দ্ৰীয় শাসিত পৰিষদ গঠন কৰিলে বড়োলেণ্ডত পৰিস্থিতি ভয়ংকৰ হৈ পৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো কাৰণতে পৃথক বড়ো ৰাজ্য গঠন কৰিবলৈ দিয়া নহ’ব।

তেওঁ লগতে বি টি চি এলেকাত বসবাস কৰা অবড়ো লোকেসকলে নিৰাপত্তাহীনতাত ভুগিছে বুলি উল্লেখ কৰি তেওঁলোকে ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আৰু সাংস্কৃতিক অধিকাৰ হেৰুৱাইছে বুলি মত পোষণ কৰে। শৰনীয়াৰ স্পষ্ট মত ‘’আমি বড়োলেণ্ড নিবিচাৰো। আমি অসমৰ সৈতে থাকিব বিচাৰো। কেন্দ্ৰীয় চৰকাৰে বিটিচিক অধিক শক্তিশালী কৰিব বিচৰাটো যুক্তিসংগত নহয়,’’ বুলি তেওঁ উল্লেখ কৰে।

শৰণীয়াই লগতে আৰু কয় যে, ‘’মই সংসদৰ চলিত অধিৱেশনত বড়োলেণ্ডৰ বিষয়টো উত্থাপন কৰিম। অন্য কোনোবাৰ স্থিতি কেনেকুবা হব সেয়া নাজানো কিন্তু মই ইয়াৰ বিৰোধিতা কৰিমেই কিয়নো বিটিএডিত বড়ো জনসংখ্যা মাত্ৰ ৩০ শতাংশহে। গতিকে সকলো অবড়ো গাঁও বিটিচিৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে।‘’ তেওঁ অবড়ো লোকসকলে নিজৰ প্ৰাপ্য অধিকাৰ লাভ নকৰালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ কথা সদৰী কৰে।

কোকৰাঝাৰৰ সাংসদ গৰাকীয়ে লগতে ৰাজ্যখনৰ কোচ-ৰাজবংশী, আদিবাসী, কলিতা আৰু নাথ যোগী সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰো দাবী তোলে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here