জামাত-ই-ইছলামী হিন্দ অসম উত্তৰ মণ্ডলৰ মিডিয়া বিভাগৰ কৰ্মশালা সম্পন্ন

0
ছবি : নিজস্ব
নিজস্ব সংবাদদাতা, তৰংগ বাৰ্তা, গুৱাহাটী : যোৱা কালি ছচিয়েল মিডিয়াৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটী হেদায়েৎপুৰত থকা জামাতৰ ৰাজ্যিক কাৰ্যলয়ত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত ছচিয়েল মিডিয়াৰ বিভিন্ন দিশ সন্দৰ্ভত বিতং আলোচনা কৰা হয় ।
বিশেষকৈ ফেচবুক, ৱাটচএপ, টুইটাৰ আদিৰ ব্যৱহাৰৰ লগতে ভুৱা বাতৰি চিনাক্ত কৰণ সন্দৰ্ভতো আলোচনা কৰা হয়। দেশত গঢ়ি উঠা ফেচিবাদী আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জড়িয়তে কেনেকৈ জনমত গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভতো কৰ্মশালাখনিত আলোচনা হয়।
কৰ্মশালাখনিত কেইবাখনো জিলাৰ অৰ্ধশতক লোকে অংশগ্ৰহণ কৰে। শেষত ৰাজ্যিক পৰ্যায়ৰ এখনি ১৯ জনীয়া কমিটি গঠন কৰা হয়। জামাতৰ অসম উত্তৰ মণ্ডলৰ মিডিয়া সম্পাদক ছফিকুল ইছলামক কমিটিখনৰ কনভেনৰৰ দায়িত্ব দিয়া হয়।
কৰ্মশালাত জামাতৰ ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি আব্দুল বাছিত, এপিচিআৰ’ৰ এন আৰ চি প্ৰজেক্টৰ ৰাজ্যিক সমন্বয়ক বজলুল বাছিত চৌধুৰীয়ে সমল ব্যক্তি হিচাপে বক্তব্য ৰাখে। কৰ্মশালাখনিৰ আত ধৰে জামাতৰ ৰাজ্যিক মিডিয়া সম্পাদক ছফিকুল ইছলামে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here