খাৰুপেটীয়া কলেজৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আব্দুল হাকিমৰ দেহাৱসান

0
ছবি : নিজস্ব
নিজস্ব সংবাদদাতা,তৰংগ বাৰ্তা, দৰং : দৰঙৰ খাৰুপেটীয়া টাউনৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা তথা বিশিষ্ট সমাজ সেৱক আৰু খাৰুপেটীয়া কলেজৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আব্দুল হাকিমৰ আজি শেষ নিশা দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৯৩ বছৰ। উল্লেখ্য যে, আজি প্ৰায় এমাহৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি থকা প্ৰয়াত আলহাজ আব্দুল হাকিম দৰঙৰ লগতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত সকলোৱেই ৰেডিঅ আৰু টিভিৰ এগৰাকী কাৰিকৰী দক্ষতা সম্পন্ন ব্যক্তি হিচাপে জনিছিল যদিও পিছলৈ তেখেতে সত্তৰ’ৰ পৰা আশি দশকৰ মাজভাগত পঞ্চায়ত কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈ ৰাইজক প্ৰতিনিধিত্ব কৰিছিল।
ইয়াৰ ওপৰিও সামাজিকভাৱে খাৰুপেটীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। খাৰুপেটীয়া টাউন জামে মছজিদৰ পৰিচালনা সমিতিৰ সম্পাদক, লেণ্ড এডভাইজাৰি বৰ্ডৰ সদস্যৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্ব পালন কৰি সমাজৰ উন্নয়ণৰ বাবে কাম কৰি গৈছিলে।
ইয়াৰোপৰি তেখেতে অন্যান্য ঠাইৰ লগতে দৰঙৰ বিশেষকৈ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত তবলিগ জামাতৰ দায়িত্বশীল হিচাপে ধৰ্মীয় সজাগতাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল। তেখেতৰ প্ৰচেষ্টাত বহুলোকে তবলিগমুখী হৈ ইছলাম তথা ধৰ্মীয়ভাৱে সজাগ হৈছে।
অতি সৰল তথা অমায়িক স্বভাৱৰ এই জন জ্যেষ্ঠ ব্যক্তি তথা বিশিষ্ট সমাজ সেৱকৰ আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱাত শোক স্তব্ধ হৈ পৰে বৃহত্তৰ খাৰুপেটীয়া অঞ্চল। তেখেতৰ জানাজা খাৰুপেটীয়া টাউন জামে মছজিদ প্ৰাংগনত দিনৰ ২ বজাত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত এক শোকাকুল পৰিবেশৰ মাজত সম্পন্ন হৈ যায়।
তেখেতৰ জানাজাৰ পুৰ্বে খাৰুপেটীয়া টাউন জামে মছজিদ প্ৰাংগনত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত মৌলানা ওসমান গণি কাচিমী, অধ্যাপক আব্দুল কৰিম, মৌলনা আবুল হোছেইন, মৌলনা আবু বক্কৰ ছিদ্দিক প্ৰমুখ্যে কেবাজনো বিশিষ্ট লোকে ধৰ্মীয় আৰু তেখেতৰ জীৱনাদৰ্শৰ ওপৰত বক্তব্য দাঙি ধৰে । তেখেতে মৃত্যুৰ সময়ত স্ত্ৰী, তিনজন পুত্ৰ সন্তান এগৰাকী কন্যাসহ নাতি, নাতিনীয়েক আৰু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here