ইছলামোফোবিয়া স্বাধীন ভাৰতৰ নতুন পৰিঘটনা নে…?

0
ব্ৰিটিছসকলৰ শাসনকালত, অৰ্থাৎ ১৯৪৭ চনৰ আগত ভাৰতবৰ্ষৰ মুছলমানসকলে ইয়াৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ১৮৫৭ চনৰ আন্দোলনত ভাৰতৰ স্বাধীনতাৰ হকে যুঁজি প্ৰায় ৫,০০,০০০ মুছলমান শ্বহীদ হয়। তেওঁলোকে মাত্ৰ তাতেই ক্ষান্ত নাথাকি ১৯০৫ চনৰ ৰেচমী ৰুমাল আন্দোলন, স্বদেশী আন্দোলন, ১৯২০ চনৰ অসহযোগ আন্দোলন, ১৯২১ চনৰ ম’পলা আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে আৰু স্বাধীন ভাৰত হিচাপে বিজয় সাব্যস্ত কৰে। মুছলমানসকলৰ অশেষ ত্যাগ অন্ধকাৰ কোঠাত আৱদ্ধ কৰি ৰখা হৈছে য’ত তেওঁলোকৰ অৱদান দেখা পোৱা নাযায় আৰু কেতিয়াও ইয়াৰ প্ৰশংসা কৰা নহয়।
কিছুমান অঞ্চলত বৰ্ণবাদ বা এক শ্ৰেণীৰ মানুহৰ আধিপত্যবাদৰ বাবে ইছলামোফোবিয়া পৰিলক্ষিত হয়, কিন্তু ভাৰতত দীৰ্ঘদিন ধৰি মুছলমানৰ বিৰুদ্ধে ঘৃণা অভিযান চলোৱাৰ বাবেই এয়া বিয়পি পৰে। এই বিষয়ে অধ্যয়ন কৰা মি. সুহেল কে. কে.ৰ তালিকাখনে মুছলমানসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ মূল কাৰকসমূহ ভালকৈ দাঙি ধৰে। (ক) মুছলিম আৰু নিৰপেক্ষ দলসমূহ হিন্দু বিৰোধী (তেওঁলোকৰ সংখ্যালঘু প্ৰীতি, সংৰক্ষণৰ ৰাজনীতি, খাদ্যাভ্যাস, কাশ্মীৰী পণ্ডিতসকলৰ নিৰ্বাসন), (খ) ইছলাম ধৰ্মাৱলম্বী সকল স্বভাৱগতভাৱেই হিংসাত্মক, অমানৱীয়, আৰু ইয়াৰ অনুগামীসকল বেয়া প্ৰকৃতিৰ লোক (তেওঁলোকে মুছলমানসকলক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে সংযোগ কৰে, মুছলিম শিক্ষানুষ্ঠান-মছজিদ ঘৃণাৰ বহি:প্ৰকাশ স্বৰূপে আক্ৰমণ কৰে, জীৱ-জন্তু হত্যা কৰে, নিৰামিষ, অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰে ইত্যাদি), (গ) মুছলমানসকল বিশ্বাসঘাতক, বহিৰাগত আৰু ভাৰত কেৱল মাত্ৰ হিন্দুসকলৰ বাবে আৰু মুছলমানসকলে পাকিস্তানত গুচি যাব লাগে, (ঘ) জনসংখ্যা উদ্বেগ (লাভ জিহাদ, ধৰ্মান্তকৰণ, একাধিক বিবাহ ইত্যাদি), (ঙ) মোঘল ইতিহাস- এতিয়া প্ৰতিশোধ লোৱাৰ মনোভাৱ।
ইতিহাসৰ পিনে লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে ভাৰতবৰ্ষত ইছলামোফোবিয়া কোনো নতুন বিষয় নহয়। মুছলমানসকলৰ প্ৰতি বিদ্বেষ আৰম্ভ হয় ১৯৬৪ চনৰ কলকাতা সংঘৰ্ষৰ জৰিয়তে। তাৰ পাছত ১৯৬৯ চনৰ গুজৰাট সংঘৰ্ষ, ১৯৭০ চনৰ ভিৱাণ্ডি সংঘৰ্ষ, ১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষ, ১৯৮৩ চনৰ নেলী গনহত্যা, ১৯৮৭ চনৰ হাশিমপুৰা গনহত্যা, ১৯৯২ চনৰ বম্বে সংঘৰ্ষ (বাবৰি মছজিদৰ সমস্যা), ২০০২ চনৰ গুজৰাট সংঘৰ্ষ, ২০১৩ চনৰ মুজাফ্ফৰনগৰ সংঘৰ্ষ, মিছা অভিযোগৰ ওপৰত ভিত্তি কৰি মুছলমান যুৱকক লক্ষ্য কৰি চলোৱা গ্ৰেপ্তাৰ অভিযান, বহুতো মব লিঞ্চিং যত নিৰপৰাধী মুছলমানক ৰাস্তাত নৃশংসভাৱে কৰা হত্যা, শেহতীয়াকৈ গোটেই ভাৰতবৰ্ষতে চলি থকা নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ সময়তেই দিল্লীৰ গনহত্যা ইয়াৰ উৎকৃষ্ট নিদৰ্শন। ২০২০ চনৰ দিল্লীৰ মুছলমান বিৰোধী সংঘৰ্ষৰ সৈতে সম্পূৰ্ণৰূপে সদৃশ ২০০২ চনৰ গুজৰাটৰ সংঘৰ্ষ, সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰীয়েই বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজনে সম্পূৰ্ণ তিনি দিন নীৰৱ দৰ্শক হৈ চাই আছিল। মুছলমানক লক্ষ্য কৰি কভিড-১৯ মহামাৰীৰ সময়তো বিদ্বেষ বিয়পোৱা বন্ধ হোৱা নাছিল বৰঞ্চ প্ৰশাসনৰ ব্যৰ্থতা ঢাকিবলৈ তবলিগী জামাতক বলিৰ পঠা সজাই ক’ৰ’না ভাইৰাছৰ সংকট মচিবলৈ চেষ্টা কৰা হয়। তাৰ সমান্তৰালভাৱে যিসকল ছাত্র, কৰ্মী, আৰু সাংবাদিকে শাসনভাৰত থকা ৰাজনৈতিক নেতাৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিছিল প্ৰশাসন যন্ত্ৰই তেওঁলোকক চিকাৰৰ লক্ষ্য কৰি লৈছিল।
ভুৱা সতৰ্কবাণী: মিডিয়া স্কেনাৰ নামৰ এক ৱেব পৰ্টেলে গোটেই ভাৰততে ভাইৰেল হৈ পৰা ৭৫ টা ইছলামোফোবিক বাতৰিৰ এটি তালিকা তৈয়াৰ কৰে। এজন বয়সীয়াল মুছলিম ফল বিক্ৰেতাই তেওঁৰ মূত্ৰ ফল-মূলত ছটিয়াই দিয়াৰ এটি ভিডিঅ ভাইৰেল হৈ পৰে সম্বিত পাত্ৰ, সুদৰ্শন নিউজ আৰু গোটেই বিশ্বত নিজৰ ইছলামোফোবিক চৰিত্ৰৰ বাবে জনাজাত তাৰেক ফাতেহৰ টুইটৰ পিছত। ঘটনাটো আছিল আচলতে উত্তৰ প্ৰদেশৰ বিজন’ৰৰ। স্থানীয় মানুহৰ মতে বয়সীয়াল মানুহজনে পানীৰ বটলটো ব্যৱহাৰ কৰিছিল প্ৰস্ৰাৱ কৰাৰ পিছত ইস্তিঞ্জা হিচাপে পৰিস্কাৰ হবলৈ। স্থানীয় পুলিচেও ঘটনাৰ সত্যতা নিৰূপণ কৰিবলৈ সক্ষম হোৱা নাই আৰু বৰ্তমান মানুহজনৰ ওপৰত তদন্ত চলি আছে। এই বাতৰিয়ে হিন্দুত্ববাদী কৰ্মী সকলক মুছলমান ব্যৱসায়ীক হিন্দু বসতি প্ৰধান ঠাইত ব্যৱসায় বন্ধ কৰিবলৈ উদগনি যোগাই।
যেতিয়া ভাৰতীয় সংবাদ মাধ্যমে মুছলমান সকলক বিশেষকৈ তবলিগী জামাতক মূল লক্ষ্য কৰি লয়, তেতিয়া অৰ্গেনাইজেচন অফ ইছলামিক কোঅপাৰেচনৰ ইন্ডিপেন্ডেন্ট পাৰ্মানেন্ট হিউম্যান ৰাইটচ্ কমিচনে (Organization of Islamic Cooperation’s Independent Permanent Human Rights Commission: OIC-IPHRC) এনেদৰে টুইট কৰে, ১/২ ভাৰতীয় সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে ইছলামোফোবিক অভিযান চলাই মুছলমানসকলক কভিড-১৯ ৰ মূল বাহক হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াৰ ফলস্বৰূপে মুছলমানসকলে প্ৰকাশ্যে বিভিন্ন ধৰণৰ বৈষম্যৰ চিকাৰ হয়। OIC-IPHRC এ ইয়াৰ তীব্ৰ নিন্দা প্ৰকাশ কৰিছে। ২/২ OIC-IPHRC এ ভাৰত চৰকাৰৰ ওচৰত দাবী জনাই যে ভাৰতবৰ্ষত ক্ৰমবৰ্ধমান গতিত বাঢ়ি থকা ইছলামোফোবিয়া ৰোধ কৰিবলৈ শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু আন্তৰ্জাতিক মানৱ অধিকাৰ আইন অনুসৰি ভাৰতীয় সংখ্যালঘূ মুছলমানৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে, ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী (সংখ্যালঘু বিষয়ক মন্ত্ৰী) মুখতাৰ আব্বাছ নাকভিয়ে মন্তব্য কৰে যে ভাৰত হৈছে মুছলমানসকলৰ বাবে স্বৰ্গ স্বৰূপ আৰু তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় অধিকাৰ সুৰক্ষিত আছে। ভাৰতীয় মুছলমানসকল সমৃদ্ধিশালী। যিসকলে এই পৰিবেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেওঁলোক কেতিয়াও মুছলমানসকলৰ বন্ধু হ’ব নোৱাৰে, প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ উদ্ধৃতি।
আচৰিতজনকভাৱে, তেখেতৰ মন্তব্যৰ পিছতে মুখতাৰ আব্বাছ নাকভিৰ স্বৰ্গত মুছলমানসকলে সামাজিক বৰ্জনৰ সন্মুখীন হয়। বাঙ্গালুৰত মুছলমানসকলক মেডিকেলত সোমাব দিয়া হোৱা নাই কাৰণ তেওঁলোকক ক’ৰ’না ভাইৰাছৰ বাহক বুলি গণ্য কৰা হয়, মুম্বাইত এজন বয়সীয়াল মানুহে নিজৰ অনলাইনত অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰিবলৈ সন্মত হোৱা নাছিল কাৰণ ডেলিভাৰি বয়জন মুছলমান আছিল। দিল্লীতো এজন তামিলনাডুৰ ব্যাক্তি কোৱাৰেন্টাইনত থকা অৱস্থাত খাদ্য আৰু ঔষধৰ অভাৱত মৃত্যু বৰণ কৰে। ঠিক সেইদৰে ৰাঞ্চিতো মুছলমান সকলৰ খোৱা পানীৰ দমকল ভাঙি দিয়া হয় কাৰণ তেওঁলোকে ভাইৰাছ বিয়পাই আছিল বুলি দাবী কৰা হয়।
‘এনেদৰে, যিকোনো দেশৰ পক্ষে নিৰপেক্ষভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰি সংখ্যালঘু সকলৰ বিশ্বাস আৰু আস্থা অৰ্জন কৰিব পৰাটো হৈছে এক এচিড পৰীক্ষা’ (বিচাৰপতি ৰাজেন্দ্ৰ ছাচাৰ কমিটি ২০০৬)। CHRI আৰু কুইল ফাউণ্ডেচনে এক প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত সংখ্যালঘু সকলৰ লগত আৰক্ষীয়ে কৰি অহা ব্যৱহাৰ উপস্থাপন কৰা হৈছে। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, সংখ্যালঘু সকলৰ প্ৰতি ভাৰতীয় আৰক্ষীৰ আচৰণ ঔপনিবেশিক চৰিত্ৰৰ আৰু এয়া বৰ্তমান সময়লৈকে প্ৰচলিত। ঔপনিবেশিক কালৰ আদৰ্শ বজাই ৰাখি আৰক্ষীয়ে ক্ষমতাত থকা শাসনযন্ত্ৰৰ এক শক্তিশালী অস্ত্ৰ হিচাপে কাম কৰি আছে। ক্ৰমবৰ্ধমান কিছু প্ৰবণতা যেনে – এনকাউন্টাৰত হত্যা, অত্যাচাৰ, অন্যায়, আৰু বিভিন্ন ধৰণৰ স্থানীয় পদ্ধতিগত লঙ্ঘনে আৰক্ষীৰ কৰ্ম-কাণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে যি আধুনিক গণতন্ত্ৰ ভাৰতবৰ্ষৰ সাংবিধানিক স্বাধীনতা আৰু নাগৰিক অধিকাৰৰ ক্ষেত্ৰত মুঠেই সুবিধাজনক নহয়। বৈচিত্ৰ্যময় জনসংখ্যা গাঁথনি থকা স্বাধীন ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ প্ৰতিনিধিত্ব কেতিয়াও কামনা কৰা হোৱা নাছিল। কেন্দ্ৰত আৰক্ষী আইন ১৮৬১ এতিয়াও কাৰ্যকৰী হৈ আছে। আৰক্ষীৰ মাজত বিভিন্নতা আৰু প্ৰতিনিধিত্বমূলক বিষয় ১৮৬১ চনৰ আইনত সম্পূৰ্ণৰূপে অনুপস্থিত। একে সময়তে ভাৰতীয় সংবিধানে সকলো নাগৰিকৰ সমান অধিকাৰ আৰু সংখ্যালঘূ সকলৰ জীৱন, স্বাধীনতা, ভাষা, ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰক প্ৰতিজ্ঞাবদ্ধ কৰি তোলে। সংবিধানৰ ১৫ নং অনুচ্ছেদে জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, ভাষা, জন্মস্থান আদিৰ ভিত্তিত হোৱা বৈষম্য স্পষ্টভাৱে নিষেধ কৰিছে। সাংবিধানিকভাৱে সুৰক্ষিত অধিকাৰ সমূহৰ ভিতৰত ৰাষ্ট্ৰযন্ত্ৰ সমূহে সমতা আৰু সমান আচৰণৰ ক্ষেত্ৰত বৈধতা প্ৰদান কৰে। আৰক্ষীৰ মাজত থকা পক্ষপাতিত্বমূলক আচৰণ অনুধাৱন কৰিলে তেওঁলোকৰ বৈধ আৰু নিৰপেক্ষ কাৰ্যপ্ৰণালী লক্ষ্য কৰা যায়। (মুছলিম ভয়েছেছ্: ভাৰতত আৰক্ষীৰ আচৰণ উপলব্ধি, ২০১৮)
ইউনাইটেড ষ্টেটচ্ কমিচন অন ইন্টাৰনেছনেল ৰিলিজিয়াছ ফ্ৰীডম (United States Commission on International Religious Freedom) এ এটি বাতৰিৰ লিঙ্ক‌্ শ্বেয়াৰ কৰি এনেদৰে টুইট কৰিছিল, USCIRF এ গুজৰাটৰ এখন হাস্পাতালত ক’ৰ’না আক্ৰান্ত হিন্দু আৰু মুছলমান ৰোগীক ধৰ্মৰ ভিত্তিত পৃথক পৃথককৈ ৰখা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰিছে। এনেকুৱা কাৰ্য্যই ভাৰতত মুছলমান সকলৰ ওপৰত চলি থকা অন্যায় আৰু বঢ়াই তোলে আৰু মুছলমান সকল কভিড-১৯ ৰ বাহক বুলি থকা প্ৰচলিত ধাৰণাত ইন্ধন যোগায়।
গোটেই বিশ্বতে যেতিয়া ভাৰতবৰ্ষত চলি থকা ইছলামোফোবিয়াৰ বিৰুদ্ধে আলোচনা আৰম্ভ হ’ল, তেতিয়া ভাৰতবৰ্ষৰ মুছলমান সকলে তেওঁলোকৰ ওপৰত চলি থকা ঘৃণাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈয়ে লকডাউন চলি থকা অৱস্থাত দৰিদ্ৰ আৰু অভিবাসী শ্ৰমিক সকলক সাহায্য প্ৰদানত ব্যস্ত থাকে। মুছলমান সকলৰ এনেকুৱা অক্লান্ত আৰু ইতিবাচক সামাজিক অৱদানে মহামাৰীৰ পিছত তেওঁলোকৰ সামাজিক অৱস্থানত প্ৰভাৱ পেলাব পাৰিব নে নাই সেয়া এক চিন্তনীয় বিষয়।

(লেখক: সাধাৰণ সম্পাদক, এছ আই অ’ অফ ইণ্ডিয়া;
অনুবাদক: মোহিত আছলাম, ছাত্ৰ, জামিয়া মিল্লীয়া ইছলামীয়া, নতুন দিল্লী)

( প্রবন্ধটি লেখকের একান্ত ব্যক্তিগত মতামত)

LEAVE A REPLY

Please enter your comment!
Please enter your name here