দৰঙৰ খাৰুপেটীয়াত জি এম টি ছাত্ৰ মোস্তফিজুৰৰ চমৎকাৰী উদ্ভাৱন

এন্ড্ৰয়ড এপেৰে নিয়ন্ত্ৰণ কৰিব পাৰিব বিজুলী চালিত যন্ত্ৰ

0
ইমদাদুল ইছলাম, তৰংগ বাৰ্তা দৰং: এটি সুখবৰ – বিজুলী চালিত যন্ত্ৰ চলাবলৈ ম চ্যুইটচ অফ- অন কৰিবলৈ আমনি পায় নেকি? এতিয়া আৰু সেই চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো আপোনাৰ সেই আমনি লগা কাৰ্যৰ অন্ত পেলাবলৈ আবিষ্কাৰ হৈছে এক ডিজিটেল মাধ্যম। এতিয়া ফেন, বাল্ব আদিৰ চ্যুইটচ অফ-অন কৰিবলৈ বিছনাৰ পৰা উঠি যোৱাৰ প্ৰয়োজন নহয়। মবাইল মমবাইল এপ্লিকেচনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব সকলো বিদ্যুত চালিত যন্ত্ৰ। গুৱাহাটী জি এম টিত অধ্যয়ণৰত বি চি এ-ৰ ছাত্ৰ তথা দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ মেধাৱী যুৱক মুস্তাফিজুৰ ৰহমানে আৱিষ্কাৰ কৰি উলিয়াইছে এক বিশেষ যন্ত্ৰ। গুগল প্লে ষ্টোৰত উপলব্ধ মাই ডিজিটেল হোম নামৰ এপ্লিকেচনৰ দ্বাৰা নিয়ন্ত্ৰণ হব পৰাকৈ আৱিস্কৃত মাইক্ৰ কন্ট্ৰলাৰ যন্ত্ৰৰ জৰিয়তে সকলো বিদ্যুত চালিত যন্ত্ৰ অফ-অন কৰিব পাৰিব। উক্ত সজুলিটো (এ আৰ ডি ইউ এন আই অ’) ‘মাই ডিজিটেল হোম’ নামৰ এপৰ লগত ব্লু-টুথ সংযোগ কৰিলেই প্ৰায় তিনিশ মিটাৰ দুৰৰ পৰাই অফ-অন কৰিব পাৰা যায় বিদ্যুত চালিত যন্ত্ৰ সমূহ। উক্ত চমৎকাৰী আৱিস্কাৰৰ খবৰ পাই সাংবাদিকৰ এটি দলে যুৱকজনৰ ঘৰত উপস্থিত হৈ সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হয়। উক্ত যন্ত্ৰটোত আছে- মাইক্ৰ কন্ট্ৰ’লাৰ, ৪ টা চেনেল ৰিলে,এ আৰ ডি ইউ এন আই অ’, ব্লু-টুথ মড্যুল আৰু ৫ ভল্টৰ এটি চাৰ্জাৰ। প্ৰায় ডেৰ মাহ সময়ৰ ভিতৰত আৱিষ্কাৰ কৰা যন্ত্ৰটোৰ নিৰ্মান ব্যয় দুহেজাৰ টকা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে । যন্ত্ৰটো আৱিষ্কাৰ কৰি অত্যন্ত সুখী যুৱকজন। অনাগত দিনত ডিজিটেল ৱাটাৰ টেংক আৱিষ্কাৰ কৰিবলৈ মন মেলিছে মুস্তাফিজুৰে। টেংকি খালি হলে নিজে নিজেই মটৰ চালু হৈ পানীৰে পৰিপূৰ্ণ হোৱাৰ লগে লগেই আকৌ আপোনা আপুনি বন্ধ হৈ যাব। পানী অপচয় ৰোধ কৰিবলৈও এনে চিন্তা কৰা বুলি ছাত্ৰজনে জানিবলৈ দিয়ে। অতি দুখীয়া পৰিয়ালৰ যুৱ বিজ্ঞানীজনৰ প্ৰতি চৰকাৰৰ শুভ দৃষ্টি পৰিবনে ? এইটোৱেই হল এটা ডাঙৰ প্ৰশ্ন। উল্লেখ্য যে কিছুদিন আগতে দৰঙৰ খাৰুপেটীয়াৰ নিকটবৰ্তী জংগলপাৰা গাঁৱৰ মাজাম্মিল হক নামৰ আন এজন দুখীয়া যুৱকে বেটাৰী চালিত ছাইকেল উদ্ভাৱন কৰিও চৰকাৰী ফালৰ পৰা আজিলৈ অৱহেলিত হৈ আছে। উক্ত উদ্ভাৱন সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ব্যাপক প্ৰচাৰ হোৱাৰ পিছতো চৰকাৰে যুৱকজনৰ কোনো খা খবৰ লোৱা দেখা নগল যদিও মোস্তফিজুৰৰ এই আৱিষ্কাৰত চৰকাৰে কিমানখিনি গুৰুত্ব দিয়ে সেইটো হব লক্ষণীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here