বিজেপিৰ প্ৰতি প্ৰভাবিত বৰাক সম্ৰাট গৌতম ৰয়: তেওঁৰ মন্তব্য কংগ্ৰেছতকৈ জাতি ডাঙৰ

0
তৰংগ বাৰ্তা, ডেস্ক: অসমৰ পৰা জিন্না পন্থীক বিদায় কৰাৰ মনোভাব পোষণ কৰাৰ দৰেই এইবাৰ কংগ্ৰেছ ত্যাগ কৰি পুত্ৰ ৰাহুল ৰয়ৰ লগত একে পথৰে পথিক হৈ বিজেপি গমনৰ যো-জা চলাইছে বৰাক সম্ৰাট গৌতম ৰয়ে। হিন্দু ধৰ্ম আৰু বাঙালী জাতিৰ বিৰুদ্ধে যাব নোৱাৰিব বুলি তেওঁলোকৰ স্পষ্ট ঘোষণা ।
এটা বিশেষ সূত্ৰৰ মাধ্যমত জানিব পৰা মতে এসময়ৰ হাইলাকান্দিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰীজনে আসন্ন লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৰ হৈ কৰিমগঞ্জ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে ।
কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বিজেপিৰ নেতা-কৰ্মীসকলে ৰয়ক দলত বিচৰা নাই। যিহেতু ৬০ শতাংশ মুছলমান ভোটাৰ কৰিমগঞ্জ সমষ্টি আছে সেইবাবে বিজেপিক প্ৰয়োজন এজন শক্তিশালী নেতাৰ যিজন মুছলমানৰো বিশ্বাসভাজন।
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ইতিমধ্যে ব্যাপক জনমত দেখিবলৈ পোৱা গৈছে।
আন এক সূত্ৰৰ মতে বিজেপি গমনে ৰয়ক আন এটা ক্ষেত্ৰটো সহায় কৰিব পাৰে। অসম কঁপোৱা এপিএছচিৰ তদন্তত ৰয়ক এবাৰ অসম আৰক্ষীয়ে এবাৰ সোধ-পোচ কৰিছিল। ৰাকেশ পাল গৌতম ৰয়ৰ যোগেদিয়েই কংগ্ৰেছ আমোলত ক্ষমতাশালী হোৱা বুলি জনাজাত।
উল্লেখযোগ্য যে, সোণোৱাল চৰকাৰ অহাৰ পিছত সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ তদন্তটো ৰয় ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ’ব লগা হৈছিল।
তদন্তৰ বৰ্তমান পৰ্য্যায় জনা নাযায়। কিন্তু শাসকীয় বিজেপি গমন ৰয়ৰ বাবে এইক্ষেত্ৰত সকাহদায়ক হ’ব বুলিয়ে ধাৰণা কৰিছে একাংশই। ৰাজনৈতিক দৃষ্টিকোনৰ পৰা পৰবৰ্তী সময়ত ৰয়ৰ পৰস্থিতি কেনেকুবা হব সেয়া সময়ত লক্ষণীয় হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here