ঢাকালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৯ তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণীৰ সভাৰ লগতে ৭ম বাৰ্ষিক যুৱ সমাৰোহ সম্পন্ন :

প্ৰাক্তন ছাত্ৰ সাংবাদিক ছাহেদ আলী আহমেদে উন্মোচন কৰিলে প্ৰাচীৰ পত্ৰিকা ‘জাগৃতি’

0

তৰঙ্গ বাৰ্তা সেৱা ¸ বৰপেটা : বৰপেটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢাকালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৫৯তম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ লগতে ৭ম বাৰ্ষিক যুৱ সমাৰোহ তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি সামৰণি পৰে । তদুপলক্ষে ২০ নৱেম্বৰত ছাফাই কামৰ পিছত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ছমিৰ খানে। নৱাগত আদৰণি সভা ¸ কবিতা আবৃত্তি ¸ আকস্মিক বক্তৃতা ¸ কুইজ প্ৰতিযোগীতাৰ লগতে ‘ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ জাতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে’ শীৰ্ষক তৰ্ক প্ৰতিযোগীতা অনুষ্ঠিত হয়। আবেলি ‘পূৰ্ব বংগীয় মুছলমান সকলৰ অনগ্ৰসতাৰ মূল কাৰণ হৈছে শিক্ষা’ বিষয়ক আলোচনা চক্ৰৰ পিছত বিভিন্ন খেল ধেমালী প্ৰতিযোগীতাৰ বঁটা বিতৰণ অনুষ্ঠিত হয়। ২১ নৱেম্বৰত ভেশছন প্ৰতিযোগীতা ¸ প্ৰতিযোগীতামূলক বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয় । ২২ নৱেম্বৰত ৰাতিপূৱা সাংস্কৃতিক শোভা যাত্ৰাৰ পিছত প্ৰাচীৰ পত্ৰিকা জাগৃতি উন্মোচন কৰে কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা সাংবাদিক ছাহেদ আলী আহমেদে আৰু অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষয়িত্ৰী হাছিনা ৰহমান ¸ মধুস্মৃতি দাস আৰু অধ্যক্ষ ছমিৰ খানৰ সৈতে পত্ৰিকা সম্পাদিকা আফছানা নাছৰিনৰ লগতে সহযোগী সকলে। প্ৰাচীৰ পত্ৰিকা ‘জাগৃতি’ৰ উন্মোচনী ভাষনত সাংবাদিক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাহেদ আলী আহমেদে সকলো ছাত্ৰ ছাত্ৰীক ভাল নম্বৰ লৈ সকলো পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে সাহিত্য সংস্কৃতিৰে হৃদয় ভৰপুৰ এজন ভাল নাগৰিক হবলৈ আহ্বান জনায়। যিহেতু আজিৰ ছাত্ৰ কালিৰ নাগৰিক ¸আৰু আজিৰ দিনটো কাইলৈ ইতিহাস হয় ¸ সাহিত্য আৰু জাতীয় সংস্কৃতি হৈছে সমাজৰ দাপোন ¸ গতিকে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই কথা বিলাকৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ সৈতে ভৱিষ্যতে সাহিত্য সংস্কৃতিৰ লগতে সমাজ সেৱাৰ বাবে এজন ভাল নাগৰিক হবলৈ আহ্বান জনায়। প্ৰতিগৰাকী ব্যক্তি জীৱন জীৱীকাৰ বাবে বিদ্যা অৰ্জনেৰে ধনৰ ধনী হোৱাৰ সমান্তৰালভাৱে বিশাল মন আৰু জ্ঞানৰ ধনী হবলৈ আহ্বান জনায় । আবেলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফজলুৰ ৰহমান খানৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় জি এছ টি বিভাগৰ বঙাইগাওঁৰ অধীক্ষক হজৰত আলী আহমেদে । মুকলি সভাত বিষয় শিক্ষক আজহাৰ আলী আহমেদৰ পৰিচালনাত গীত মাত নৃত্য পৰিৱেশনৰ লগতে বিভিন্ন বিভাগৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here