অৰুণাচলৰ ৰাজধানী ইটানগৰত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত, সংকিত মুখ্যমন্ত্ৰী পেমা খাণ্ডু

0
ছবি : সংগৃহিত
তৰংগ বাৰ্তা, ডিজিটাল ডেস্ক : উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত। জনসাধাৰণৰ বিক্ষোপ প্ৰদৰ্শনৰ ফলত ব্যাপক আন্দোলনমূলক পৰিস্থিতি বিদ্যমান। ৬ টা জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ স্বীকৃতি প্ৰদানৰ দাবী জনোৱাৰ লগতে চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ৰাজধানী ইটানগৰত অব্যাহত আছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰা হৈছে যদিও কিমানখিনি সফল হয় সেয়া সময়ত লক্ষণীয় হব। অ-নিয়ন্ত্রণশীল পৰিৱেশ প্রত্যক্ষ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব পাৰে বুলিও বিভিন্ন জনে মত ব্যক্ত কৰিছে।
দুজন প্ৰতিবাদকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যুৰ পিছত অতিকৈ ক্ষুদ্ধ সমূহ প্ৰতিবাদকাৰী। জনগোষ্ঠীকেইটাক স্থায়ী বাসিন্দাৰ স্বীকৃতিৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ পিছতো তুমুল প্ৰতিবাদ অব্যাহত আছে। এনে ধৰনৰ প্ৰতিক্ৰিয়াৰ ফলত মুখ্যমন্ত্রী জনে কেনেকুবা পদক্ষেপ লব সেয়া সময়ত লক্ষ্যণীয় হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here