সৰুক্ষেত্ৰীত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, মোদীয়ে সকলোকে চকীদাৰ বনাব বিচাৰিছে

0
ছাহেদ আলী আহমেদ, তৰঙ্গ বাৰ্তা, বৰপেটা : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এসপ্তাহমান বাকী থাকোতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু সৰুক্ষেত্ৰী যুৱ কংগ্ৰেছৰ সহযোগত সৰুক্ষেত্ৰী সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত ভূলোকাবাৰী জেপি হাইস্কুল খেলপথাৰত এক যুৱ সমাৰোহ অনুষ্ঠিত হৈ যায়।
বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উক্ত যুৱ সমাৰোহত অংশগ্ৰহণ কৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে কয় যে, বৰ্তমান বিশ্বৰ সকলো দেশেই প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে শিক্ষিত যুৱক-যুৱতীসকলক চকীদাৰ সাজিবলৈ গৈ আছে।
তেওঁ লগতে কয় যে, বিজেপিয়ে দেশৰ উন্নয়নৰ দিশত পিঠি দি কেৱল ভূৱা হিন্দুত্বৰ গান গাই সাতামপুৰুষীয়া হিন্দু-মুছলমানৰ ভাতৃত্ববোধত বিষ ঢালি দেশৰ উন্নয়ন স্থবিৰ কৰি পেলাইছে। তেওঁ লগতে আৰু কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাক লৈয়ো প্ৰশ্ন তোলে।
ভাষনৰ মাজত আব্দুল খালেকে এজিপি, বিজেপি’ৰ উপৰিও বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলকো তীব্র সমালোচনা কৰি থকা-সৰকা কৰে। তেওঁ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিলৰ তীব্ৰ বিৰোধিতা কৰি এই বিল পুনৰ সংসদত উত্থাপন কৰিব বুলি সদম্ভে ঘোষনা কৰা বিজেপিৰ লগত এজিপিয়ে মিত্ৰতা স্থাপন কৰাত আক্ষেপ প্ৰকাশ কৰে।
এই যুৱ সমাৰোহত উপস্থিত থাকি সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও কেৱ বিৰোধী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাবলৈ সমষ্টিবাসী ৰাইজক আহ্বান জনায়।
উক্ত সভাত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি কেশৱ চন্দ্ৰ যাদৱ, সৰ্বভাৰতীয় নেতা শ্ৰুতিৰঞ্জন লেংটা, জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ, বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু স্থানীয় নেতৃত্ব, কংগ্ৰেছ সেৱাদলৰ নেতৃত্বই অংশগ্ৰহণ কৰাৰ উপৰিও প্ৰায় পাঁচ সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here