নিজস্ব সংবাদদাতা, তৰঙ্গ বাৰ্তা, নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিত প্ৰাথমিক বিদ্যালয়সমূহৰ কমুনিটি ফেষ্টিভেল যোৱাকালি সম্পন্ন হৈ যায়। জিলাখনৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ লাৰকুছি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত উক্ত স্থানীয় উৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা ৭-৩০ বজাত বৃক্ষ ৰোপণ কৰে ক্ৰমে উক্ত বিদ্যালয়ৰ অৱসৰী শিক্ষক আব্দুল কাদেৰ, শিক্ষক নাজিবৰ ৰহমান, শিক্ষক মোকাদ্দেছ আলী আৰু ১ নং লাৰকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কলিম উদ্দিনে।
পুৱা আঠ বজাত পতাকা উত্তোলন কৰে টুপকাৰচৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক আব্দুল কাদেৰ আৰু উত্তৰ লাৰকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলীয়ে। ৰাতিপুৱা ৯ বজাত “শিশু শ্ৰম বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, বেটি বাচাও বেটি পঢ়াও, প্ৰাথমিক শিক্ষাই জীৱন গঢ়ে” আদি শ্লোগানেৰে শিক্ষামূলক শোভাযাত্ৰা উলিওৱা হয় আৰু পুৱা ১০ বজাৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক খেল-ধেমালি অনুষ্ঠিত হয়।
আবেলি ২ বজাৰ পৰা অৱসৰী শিক্ষক আব্দুল কাদেৰৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি শিক্ষামূলক ভাষণ দান কৰে শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ক্ৰমে প্ৰফুল্ল কলিতা আৰু মনোজ শৰ্মাই।