প্ৰচলিত খতম প্ৰথা আৰু মুছলমান সমাজ

0
ছবি : প্রতিকী

হাফিজ ইনামুল হক

মানব জাতিক আল্লাহ তায়ালাই পথ নিৰ্দেশনাৰ বাবে এখন সংবিধান দিছে। সেই সংবিধান খনৰ নাম হল পবিত্ৰ আল কোৰআন। মানুহৰ বাবে পথ নিৰ্দেশক স্বৰূপ উক্ত সংবিধানখনত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো কথাই উল্লেখ আছে।
মানুহে কি কি কাম বা আমল কৰিব পাৰিব তাৰ সবিশেষ বৰ্ণনা আছে। আল্লাহৰ ৰছুল চাল্লাল্লাহু আলাইহি ছাল্লামে বিদায় হজৰ দিনা শেষ ভাষনত স্পষ্ট ভাবে কৈছিলে- তোমালোকৰ মাজত দুটা বস্তু ৰাখি গলো যেতিয়ালৈকে এই দুটা বস্তু খামুচি ধৰি ৰাখিবা তেতিয়ালৈকে বিপথগামী নহবা। সেয়া হৈছে আল কোৰআন আৰু হাদীছ।
এতিয়া প্ৰশ্ন হল আজিৰ মুছলমান সমাজে এই দুটা বস্তু খামুচি ধৰি ৰাখিব পাৰিছে জানো ? আজি বহু বছৰ ধৰি খতমৰ প্ৰচলন দেখা পোৱা গৈছে- কিন্তু দুখৰ বিষয় হল যে আমাৰ মুছলমান সমাজত ডাঙৰ ডাঙৰ মৌলানা, মুফতি, ক্কাৰি সকলে এইটোৰ বিষয়ে কোনো সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰা নাই।
এই ধৰণৰ তথা-কথিত কৰ্মপন্থা কোৰআন আৰু হাদিছত আছেনে নাই সেয়া এক গভীৰ প্ৰশ্নৰ বিষয়। বিভিন্ন ধৰণৰ খতমৰ নাম যেনে খতমে জালালিয়া, খতমে শ্বেফা, খতমে আম্বিয়া, খতমে ইউনুছ, খতমে ইয়া ছালামু ইত্যাদি নানান খতমত মুছলিম সমাজ ব্যস্ত হৈ পৰিছে।
দুখৰ বিষয় যাৰ মুছিবত সেই মানুহজনে নিজেই নামাজ, ৰোজা আৰু অন্যান্য ইবাদত নকৰি সেই মানুহজনে দাওৱাতৰ নামত মানুহ ভাঢ়া কৰি লৈ আনি মুছিবতৰ পৰা ৰক্ষা পোৱাৰ বাবে আল্লাহ তায়ালাৰ ওচৰত আবেদন কৰে। কিন্তু এইয়া একেবাৰেই হাস্যকৰ বিষয়।
এটা সুন্দৰ উদাহৰণ- যেতিয়া হজৰত ইউনুছ আলাইহি ছাল্লামক মাছে খাইছিল তেতিয়া সাগৰৰ মাজত তেখেতে মানুহৰ সহায় বিচাৰছিল নে? তেখেতে আল্লাহৰ ওচৰত আবেদন কৰিলে এই মুছিবতৰ পৰা ৰক্ষা কৰাৰ বাবে। গতিকে সকলোলৈ এটা আবেদন থাকিল আপোনালোকে কোৰআন আৰু হাদিছ ভিত্তিক আমল কৰক অন্যাথা সকলো অমল বৰবাদ হব।
আকৌ দেখা পোৱা যায় খতম পঢ়োৱা সকলক হাতত পইচা দিয়া হয় কিন্তু সেইজন মৌলানা বা মুফতিৰ পইচাৰ যিমান প্ৰয়োজন তাতকৈ শত গুণ বেছি পইচাৰ প্ৰয়োজন দুখীয়া মানুহৰ। টকা-পইচা খৰচ কৰিছে ভাল কথা কিন্তু এটা কথা সদায় লক্ষ্য ৰাখিব বিদআতৰ কামত আপোনালোকৰ এক পইচাও যাতে খৰচ নহয়। আজিৰ মুছলিম সমাজ কোন ফালে গতি কৰি আছে সেয়া অত্যন্ত চিন্তনীয় বিষয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here