ড০.হীৰেন গোহাঁইৰ বিৰুদ্ধে দিয়া গোচৰ আৰু নাগৰিকত্ব সংশোধী বিধেয়ক বাতিলৰ দাবীঃবৰপেটা জিলা নতুন সাহিত্য পৰিষদৰ

0

দিদাৰ হুছেইন,তৰংগ বাৰ্তা,হাউলীঃ নতুন সাহিত্য পৰিষদৰ বৰপেটা জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা আজি দিনৰ ১১-৩০ বজাত জিলা সমিতিৰ সভাপতি হোম বাহাদুৰ ছেত্রীৰ পৌৰোহিত্যত হাউলীস্থ বিদ্যাৰ সাগৰ একাডেমী প্ৰাংগনত অনুষ্ঠিত হয়। সভাত উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সম্পাদক চুলতান আলী আহমেদে। উক্ত সভাত নতুন সাহিত্য পৰিষদৰ জিলা সমিতিৰ সাংগাঠনিক দিশ আৰু শাখা সমিতি সমূহ গঠন সম্পৰ্কে আলোচনা কৰাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে। অসমৰ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱি,শিক্ষাবিদ ড০.হীৰেন গোহাঁইৰ বিৰুদ্ধে অসম আৰক্ষী বিভাগে জাপি দিয়া দেশদ্ৰোহিতাৰ গোচৰ সংক্ৰান্তত সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। হীৰেন গোহাঁইৰ বিৰুদ্ধে এই গোচৰ সম্পূৰ্ণ আক্ৰোশমূলক,অন্যায় কাৰ্য বুলি অভিহিত কৰি সমিতিয়ে এই কাৰ্যক কঠোৰ ভাবে গৰিহনা দিয়ে। ড০.হীৰেন গোহাঁই,অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই সভাই প্ৰস্তাৱ গ্ৰহন কৰে। হিন্দু বাংলাদেশীক ৰক্ষনা-বেক্ষন দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here