ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বিল্লাল হুছেইন আৰু মনিকা বালা গয়াৰী উপ সভানেত্রী হিচাপে নিৰ্বাচিত

0
ছবি : নিজস্ব
দিদাৰ হুছেইন, তৰংগ বাৰ্তা, হাউলী : বৰপেটা জিলাৰ হাউলীস্থ ভৱানীপুৰ ব্লক আঞ্চলিক পঞ্চায়ত খন কংগ্ৰেছ দলে গঠন কৰে। ভৱানীপুৰ ব্লক আঞ্চলিক পঞ্চায়ত খন সোতৰটা পঞ্চায়তৰে গঠিত।
আঞ্চলিক পঞ্চায়ত খনৰ ১৭ জন সদস্যৰ ভিতৰত কংগ্ৰেছৰ ১০, বিজেপিৰ ৪, এআইইউডিএফ’ৰ ২ আৰু অগপৰ ১ জন সদস্য নিবাচিত হৈছে। আজি দিনৰ দুই বজাত ভৱানীপুৰ ব্লকত অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্ৰেছৰ বিল্লাল হুছেইন সভাপতি আৰু মনিকা বালা গয়াৰী উপ সভানেত্রী হিচাপে নিৰ্বাচিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here