জনীয়াৰ কাদঙত ইউডিএফৰ বিশাল নিৰ্বাচনী সভা, কংগ্ৰেছ-বিজেপিক উৎখাতৰ আহ্বান

0
দিদাৰ হুছেইন, তৰংগ বাৰ্তা, হাউলী : ৬ নং বৰপেটা লোকসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুলৰ এখন বিশাল নিৰ্বাচনী সভা ৰবিবাৰে আবেলি দিনৰ দুই বজাত জনিয়াৰ কাদং হাই স্কুল খেল পথাৰত দলৰ সমষ্টি কমিটিৰ সভাপতি শুকুৰ আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হয়।
সভাত বৰপেটাৰ সাংসদ ছিৰাজুদ্দিন আজমল, ইউডিএফৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক চম্পক কলিতা, দলৰ উপ সভাপতি বিবাহ বসুমতাৰী, দলৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি মুন্তাজ আলী আহমেদ, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান আদিয়ে উপস্থিত থাকি কংগ্ৰেছ আৰু বিজেপি মিত্র দলক ক্ষুৰধাৰ সমালোচনা কৰে লগতে কংগ্ৰেছ আৰু বিজেপিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়।
সমাগত নিৰ্বাচনত বৰপেটাৰ পৰা হাফিজ ৰফিকুল ইচলামক বিপুল ভোটত নিৰ্বাচিত কৰিবলৈ উপস্থিত দলীয় নেতা সকলে ৰাইজক আহ্বান জনায়।
খবরসহ আমাদের ওয়েবসাইটে প্রকাশিত সব লেখা ফেসবুকে পেতে এখানে ক্লিক করুন এবং নোটিফিকেশনের জন্য লাইক দিন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here