হাউলীত ৫৪০টা প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ আৱন্টন

চলিত সপ্তাহৰ পৰা নিৰ্মান কাম আৰম্ভ হব

0

দিদাৰ হুছেইন, তৰংগ বাৰ্তা, হাউলী:
বৰপেটা জিলাৰ হাউলী নগৰ সমিতিৰ চাৰিটা ওৱাৰ্ডত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ২০১৭-১৮ বৰ্ষত ৫৪০ জন হিতাধিকাৰীৰ ব্যক্তিগত বেংক একাউন্টত এক লাখ দহ হাজাৰকৈ টকা আজি ভৰোৱা হয় বুলি হাউলী নগৰ সমিতিৰ সভানেত্রী ববিয়াৰা বেগমে জানিবলৈ দিয়ে।

হাউলীৰ চাৰিটা ওৱাৰ্ডৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ চাৰিশ চল্লিছটা নতুন গৃহৰ নিৰ্মান কাম চলিত সপ্তাহৰ ভিতৰত আৰম্ভ কৰা হব।

কোনো হিতাধিকাৰীয়ে প্ৰধান মন্ত্রী আৱাস যোজনাৰ গৃহৰ অনুদানৰ টকা একাউন্টৰ পৰা উলিওৱাই হৰলুকি কৰিলে, তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহন কৰা হব, আৰু প্ৰতিটো ঘৰ প্ৰাক-কলন মতে নিৰ্মান কৰা হব বুলি নগৰ সমিতিৰ সভানেত্রী ববিয়াৰা বেগমে এই প্ৰতিবেদকৰ আগত ব্যক্ত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here